কানাডাৰ ব্ৰেম্পটনৰ হিন্দু সভা মন্দিৰত খালিস্তানী সমৰ্থকৰ আক্ৰমণৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিব উত্তৰ আমেৰিকাৰ হিন্দু মিত্ৰজোঁটে । তথ্য অনুসৰি খালিস্তানী ভাবুকি আৰু হিন্দু বিৰোধী ধাৰণাৰ বিৰুদ্ধে সংহতি প্ৰকাশৰ বাবে ছাৰেৰ মন্দিৰ আৰু লক্ষ্মী নাৰায়ণ মন্দিৰত অনুষ্ঠিত হ’ব এই প্ৰতিবাদ । এই সন্দৰ্ভত সংগঠনটোৱে এক্সত এটা পোষ্টত লিখিছে, ৪ নৱেম্বৰৰ সন্ধিয়া ৬ বজাত ব্ৰেম্পটনৰ হিন্দু সভা মন্দিৰ আৰু ছাৰেৰ লক্ষ্মী নাৰায়ণ মন্দিৰত শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে আমাৰ সৈতে যোগদান কৰক । কানাডাত হিন্দু মন্দিৰৰ বিৰুদ্ধে হোৱা হিংসাৰ এদিন পাছত খালিস্তানীৰ ভয়-ভাবুকি আৰু হিন্দু বিৰোধী ধাৰণাৰ বিৰুদ্ধে একত্ৰিত হওঁ আহক ।
খালিস্তানী সন্ত্ৰাসবাদীক দোষাৰোপ কৰে COHNAএ-
ইয়াৰ পূৰ্বে সংগঠনটোৱে এই আক্ৰমণৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল । হিন্দু কানাডিয়ান ফাউণ্ডেচন নামৰ এটা বেচৰকাৰী সংস্থাই খলিস্তানী সন্ত্ৰাসবাদীয়ে শিশু আৰু মহিলাক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে । কানাডাত থকা ভাৰতীয় উচ্চায়ুক্তই এই আক্ৰমণক ‘ভাৰত বিৰোধী’ উপাদানৰ হিংসাত্মক বিঘিনি বুলি অভিহিত কৰি ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰে । ভাৰতীয় দূতাবাসৰ বিবৃতিত কোৱা হৈছে যে- আমাৰ কনছুলেটৰ দ্বাৰা স্থানীয় সহ-আয়োজকসকলৰ সৈতে সম্পূৰ্ণ সহযোগিতাৰে আয়োজন কৰা নিয়মীয়া পৰামৰ্শৰ কামত এনেধৰণৰ ব্যাঘাত জন্মাবলৈ দিয়াটো অত্যন্ত হতাশাজনক । ভাৰতীয় নাগৰিককে ধৰি যিসকল আবেদনকাৰীৰ দাবীত এনে কাৰ্যসূচী আয়োজন কৰা হয়, তেওঁলোকৰ সুৰক্ষাৰ প্ৰতিও আমি গভীৰভাৱে চিন্তিত ।
অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বিদেশ মন্ত্ৰালয়ে-
সোমবাৰে বৈদেশিক মন্ত্ৰালয়ে ব্ৰেম্পটনৰ “হিন্দু সভাৰ মন্দিৰত উগ্ৰপন্থী আৰু বিচ্ছিন্নতাবাদীয়ে সংঘটিত কৰা হিংসাক” গৰিহণা দিয়ে । এক বিবৃতিত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কানাডা চৰকাৰক হিংসাত্মক কাণ্ডৰ লগত জড়িতসকলৰ বিৰুদ্ধে গোচৰ চলাব লাগে বুলি দাবী উত্থাপন কৰিছে ।
কানাডাৰ ৰাজনীতিবিদসকলে প্ৰধানমন্ত্ৰী ট্ৰুডোক গৰিহণা দিয়ে-
প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোকে ধৰি কানাডাৰ ৰাজনৈতিক মহলে এই আক্ৰমণৰ বাবে ব্যাপক গৰিহণা লাভ কৰিছে । কানাডাৰ বিৰোধী নেতা পিয়েৰ পলিভৰে ঘটনাটোক গ্ৰহণযোগ্য নহয় বুলি অভিহিত কৰিছে । কানাডাৰ সাংসদ চন্দ্ৰ আৰ্যই দুৰ্বৃত্তই সীমা অতিক্ৰম কৰিছে বুলি মন্তব্য কৰিছে ।
প্ৰধানমন্ত্ৰী ট্ৰুডোৱেও এই আক্ৰমণক গৰিহণা দিয়ে-
আনহাতে পি এম ট্ৰুডোৱে এই আক্ৰমণক গৰিহণা দি কয় যে সকলো কানাডাৰ নাগৰিকে নিজৰ ধৰ্ম মুক্ত আৰু নিৰাপদে পালন কৰাৰ অধিকাৰ আছে । ইনষ্টাগ্ৰামত এটা পোষ্ট যোগে তেওঁ লিখিছে যে ব্ৰেম্পটনৰ হিন্দু সভাৰ মন্দিৰত আজি যি হিংসা সংঘটিত হৈছে সেয়া গ্ৰহণযোগ্য নহয় । প্ৰতিজন কানাডিয়ানৰ নিজৰ ধৰ্ম মুক্ত আৰু নিৰাপদে পালন কৰাৰ অধিকাৰ আছে । সমাজখনক সুৰক্ষা দিবলৈ আৰু এই কাণ্ডৰ তদন্তৰ বাবে তৎকালীন সঁহাৰি দিয়াৰ বাবে আৰক্ষীক ধন্যবাদ ।