আমেৰিকাৰ বিদায়ী ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে । তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ‘প্ৰকৃত ৰাজনীতিবিদ’ আৰু ‘সমৰ্পিত জনসেৱক’ বুলি অভিহিত কৰে । জো বাইডেনে এক বিবৃতি প্ৰকাশ কৰি কয় যে, প্ৰধানমন্ত্ৰীগৰাকীৰ কৌশলগত দৃষ্টিভংগী আৰু ৰাজনৈতিক সাহস অবিহনে আজি আমেৰিকা আৰু ভাৰতৰ মাজত যি অভূতপূৰ্ব স্তৰৰ সহযোগিতা সম্ভৱ নহ’লহেঁতেন ।
তেওঁ আৰু কয় যে, “আমেৰিকা-ভাৰত অসামৰিক পাৰমাণৱিক চুক্তিক আগুৱাই নিয়াৰ পৰা আৰম্ভ কৰি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অংশীদাৰ দেশসমূহৰ মাজত প্ৰথম কোৱাড মুকলি কৰাত সহায় কৰালৈকে, মনমোহন সিঙে ‘অসাধাৰণ অগ্ৰগতি’ৰ তালিকা প্ৰস্তুত কৰিছিল যি দুয়োখন দেশ আৰু বিশ্বক আগন্তুক প্ৰজন্মৰ বাবে শক্তিশালী কৰি ৰাখিব।”
বাইডেনে মনত পেলালে সাক্ষাতৰ কথা-
জো বাইডেনে ২০০৮ চনত চেনেটৰ বৈদেশিক সম্পৰ্ক সমিতিৰ অধ্যক্ষ হিচাপে আৰু ২০০৯ চনত আমেৰিকালৈ আনুষ্ঠানিক ভ্ৰমণৰ সময়ত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হিচাপে মনমোহন সিঙক লগ পোৱাৰ কথাও স্মৰণ কৰে ।
জো বাইডেনে কয়, “২০১৩ চনত ড০ মনমোহন সিঙে মোক নতুন দিল্লীত আতিথ্য প্ৰদান কৰিছিল । আমি তেতিয়া আলোচনা কৰাৰ দৰে, আমেৰিকা যুক্তৰাজ্য-ভাৰত সম্পৰ্ক হৈছে বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পৰ্ক । অংশীদাৰ আৰু বন্ধু হিচাপে আমাৰ ৰাষ্ট্ৰসমূহে একেলগে আমাৰ জনসাধাৰণৰ বাবে মৰ্যাদা আৰু অধিক শক্তিৰ পথ তৈয়াৰ কৰিছে ।”
২০০৮ চনত ভাৰত-আমেৰিকাৰ অসামৰিক পাৰমাণৱিক চুক্তি স্বাক্ষৰিত হয় । সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী আছিল মনমোহন সিং । ৰাজনৈতিক দলসমূহৰ তীব্ৰ বিৰোধিতা সত্ত্বেও তেওঁ আমেৰিকাৰ সৈতে অসামৰিক পাৰমাণৱিক চুক্তিৰ বাবে আলোচনা আগবঢ়াই নিছিল । তেতিয়াৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ সহায়ত ড০ মনমোহন সিঙে একাংশ পক্ষক পতিয়ন নিয়াবলৈ সফল হৈছিল আৰু সেই পক্ষসমূহে পাৰমাণৱিক চুক্তিৰ বিৰোধিতা কৰা বন্ধ কৰি দিছিল ।
কিন্তু বাওঁপন্থী দলসমূহে এই চুক্তিৰ তীব্ৰ বিৰোধিতা কৰি চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰে । সমাজবাদী পাৰ্টিয়ে প্ৰথমে বাওঁ মৰ্চাৰ সমৰ্থন কৰিছিল যদিও পিছলৈ স্থিতি সলনি কৰিছিল । মনমোহন চৰকাৰে বিশ্বাসৰ পৰীক্ষা পাৰ কৰিবলগীয়া হৈছিল ।
মনমোহন সিং আৰু তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বে ২০০৫ চনৰ ১৮ জুলাইত এই চুক্তিখনৰ ৰূপৰেখা দাঙি ধৰি এক যৌথ ঘোষণাপত্ৰ জাৰি কৰে আৰু ২০০৮ চনৰ অক্টোবৰৰ পৰা আনুষ্ঠানিকভাৱে বলবৎ হয় । ভাৰতৰ বাবে এয়া আছিল এক ডাঙৰ জয় । পাৰমাণৱিক চুক্তিৰ ওপৰত সিঙে যি কঠোৰ স্থিতি গ্ৰহণ কৰিছিল, সেয়াই ভাৰত আৰু আমেৰিকাক ওচৰলৈ অনাত সহায় কৰিছিল, আৰু ২০০৮ চনৰ অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ত তেওঁ যিদৰে দেশখনক পৰিচালিত কৰিছিল, সেইটোৱে তেওঁক ২০০৯ চনৰ লোকসভা নিৰ্বাচনত উপকৃত কৰিছিল আৰু আকৌ এবাৰ ইউ পি এ চৰকাৰে ক্ষমতালৈ আহিল । ভাৰতৰ শক্তি সুৰক্ষাৰ বাবে ইয়াক এক ঐতিহাসিক পদক্ষেপ হিচাপে গণ্য কৰা হৈছিল ।