প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়াক লৈ ৰাজনৈতিক অভিযোগ, প্ৰতি অভিযোগৰ মাজতে সোমবাৰে (৩০ ডিচেম্বৰ, ২০২৪) বিজেপিয়ে পুনৰবাৰ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক আক্ৰমণ কৰে । বিজেপিয়ে কয় যে এফালে সমগ্ৰ দেশ শোকত নিমজ্জিত হৈ আছে আৰু আনফালে ৰাহুল গান্ধীয়ে নৱবৰ্ষৰ পাৰ্টি উদযাপন কৰিবলৈ ভিয়েটনামলৈ গৈছে ।
বিজেপিৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই কয়, “প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুত সমগ্ৰ দেশে শোক প্ৰকাশ কৰিছে আৰু ৰাহুল গান্ধী য়ে নতুন বছৰ উদযাপন কৰিবলৈ বিদেশলৈ গৈছে । কংগ্ৰেছে ড০ মনমোহন সিঙৰ বিষয়ে গুৰুত্ব নিদিয়ে । তেওঁ জীয়াই থাকোতে তেওঁলোকে তেওঁক অপমান আৰু উৎপীড়ন কৰিছিল আৰু তেওঁলোকে এতিয়াও এয়া কৰি আছে । কালি কোনেও তেওঁৰ অস্থি সংগ্ৰহ কৰিবলৈ যোৱা নাছিল । কংগ্ৰেছে ড০ মনমোহন সিঙক ভাৰত ৰত্ন দিবলৈও অস্বীকাৰ কৰিছিল । এয়াই তেওঁলোকৰ প্ৰকৃত মুখ ।”
‘ৰাহুল গান্ধী কেৱল এজন পৰ্যটক আৰু পাৰ্টী নেতা হৈ পৰিছে’
তেওঁ আৰু কয়, “ৰাহুল গান্ধীয়ে বিৰোধীৰ নেতাৰ অৰ্থ সলনি কৰিছে । এতিয়া তেওঁ বিৰোধীৰ নেতাৰ পৰা পৰ্যটন নেতা আৰু পাৰ্টীৰ নেতালৈ সলনি হৈছে । যি সময়ত দেশে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে, ৰাহুল গান্ধীয়ে পৰ্যটন আৰু পাৰ্টীৰ বাবে ওলাইছে । ৰাহুল গান্ধী আৰু পৰ্যটন নতুন নহয় । যেতিয়া মুম্বাইত ২৬/১১ আক্ৰমণ সংঘটিত হৈছিল, তেওঁ গোটেই ৰাতি পাৰ্টি কৰি আছিল । তেওঁলোকে ড০ মনমোহন সিঙৰ মৃত্যুক লৈ চিন্তিত নহয় ।”
অমিত মালৱিয়াইও আক্ৰমণ কৰে-
ইয়াৰ উপৰিও বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালবিয়াইও কয় যে যেতিয়া দেশ শোকত আছে তেতিয়া ৰাহুল গান্ধী ভিয়েটনামলৈ ৰাওনা হৈছে । তেওঁ ইনষ্টাগ্ৰামত এটা পোষ্টত লিখিছে, “যেতিয়া সমগ্ৰ দেশে প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে, তেতিয়া ৰাহুল গান্ধীয়ে নতুন বছৰ উদযাপনৰ বাবে ভিয়েটনামলৈ গৈছে । ৰাহুল গান্ধীয়ে নিজৰ সুবিধাৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ মৃত্যুৰ ৰাজনীতি কৰিছিল আৰু ইয়াৰ সুযোগ লৈছিল । গান্ধী আৰু কংগ্ৰেছে শিখসকলক ঘৃণা কৰে । কেতিয়াও নাপাহৰিব যে ইন্দিৰা গান্ধীয়ে দৰবাৰ চাহিবক অপমান কৰিছিল ।”
কংগ্ৰেছৰ সাংসদে দিলে প্ৰত্যুত্তৰ-
কংগ্ৰেছৰ সাংসদ মণিকাম ঠাকুৰে বিষয়টোৰ প্ৰত্যুত্তৰ দিয়ে । তেওঁ এক্সত লিখিছে, “সংঘীৰ মানুহে কেতিয়া এই বিভ্ৰান্তিকৰ ৰাজনীতি বন্ধ কৰিব ? মোদীয়ে যিদৰে ড০ চাহাবক যমুনাৰ পাৰত অন্ত্যেষ্টিক্ৰিয়াৰ স্থান অস্বীকাৰ কৰিছিল আৰু তেওঁৰ মন্ত্ৰীসকলে ড০ চাহাবৰ পৰিয়ালক যিদৰে একাষৰীয়া কৰিছিল সেয়া লজ্জাজনক । যদি ৰাহুল গান্ধী ব্যক্তিগত ভ্ৰমণলৈ যায়, তেন্তে ইয়াত আপোনাৰ সমস্যা কি ?”