‘ইণ্ডিয়াজ গট লেটেণ্ট’ বিতৰ্কত লিপ্ত ৰাখী সাৱন্তক মহাৰাষ্ট্ৰ চাইবাৰ চেলে মাতি পঠিয়াইছে।আৰক্ষীয়ে তেওঁক এই বিষয়টো সন্দৰ্ভত প্ৰশ্ন কৰিব পাৰে।
ৰাখীয়ে ইতিমধ্যে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ নামৰ ৰিয়েলিটি শ্ব’ টোত বিচাৰক হিচাপে উপস্থিত হৈছিল।শ্ব’টোৰ ৰাখীৰ বহু চুটি চুটি ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছিল।
ৰাখী সাৱন্তে মহাৰাষ্ট্ৰ চাইবাৰ চেলে তলৱ পিছত তেওঁ প্ৰতিৰক্ষাত এটা ভিডিঅ’ মুকলি কৰিছিল।ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত অভিনেত্ৰী গৰাকীয়ে কৈছিল যে, ‘মোক চমন পঠোৱাৰ অৰ্থ একো নহয়, বন্ধুসকল।’
আপোনালোকে মোক ভিডিঅ’ কল কৰিব পাৰে, মই আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু। মই এগৰাকী শিল্পী।
মোক টকা দি সাক্ষাৎকাৰৰ বাবে মাতি নিয়া হৈছিল আৰু মই মাত্ৰ সাক্ষাৎকাৰটো দিছিলো। মই আনকি কাকো গালি দিয়া নাই। মোক চমন প্ৰেৰণ কৰাৰ কোনো অৰ্থ নাই”।
ড্ৰামা কুউন ৰাখী সাৱান্তে নিজকে ভিক্ষাৰী বুলিও কয়। তেওঁ কৈছিল যে, ‘মই ভিক্ষাৰী, তোমাক দিবলৈ মোৰ হাতত এটকাও নাই। মই ডুবাইত থাকো। মোৰ একো কামো নাই।
মই আপোনালোকক টকা দিব নোৱাৰো। মোক ফোন কৰি আপুনি কি কৰিব, কোনো লাভ নাই। মই অনুৰোধ কৰিছো। মই কোনো অপৰাধ কৰা নাই। মই এগৰাকী সত্যবাদী মহিলা”।