মৃত্যুৰ কিছুদিন পূৰ্বে এজন অসহায় পিতৃৰ এটা আৱেগিক ফোন ৰেকৰ্ড। তোক এবাৰ চাবলৈ,বৰ মন গৈছে,এবাৰ আহিবিছোন।মই বেড ৰেষ্টত আছো।
দৰাচলতে যোৰহাটৰ লুৰুকীহাটৰ প্ৰতাপ চন্দ্ৰ বৰদলৈ নামৰ ৮১ বছৰীয়া লোক জনে গুৱাহাটীত থকা চিকিৎসক পুত্ৰলৈ ফোন কৰি তেওঁৰ মুখখন চাব বিচাৰিছিল।
চিকিৎসক পুত্ৰলৈ ফোন কৰি নিজৰ ইচ্ছাৰ কথা কৈছিল পিতৃ প্ৰতাপ চন্দ্ৰ বৰদলৈয়ে।শেহতীয়াকৈ তেওঁৰ স্বাস্থ্যৰ অৱস্থা বেয়া হোৱাত গুৱাহাটীত থকা চিকিৎসক পুত্ৰলৈ ফোন কৰি নিজৰ ইচ্ছাৰ কথা কৈছিল।কিন্তু পুত্ৰ নগ’ল।
যাৰবাবে দুখত ভাগি পৰিছিল পিতৃ প্ৰতাপ চন্দ্ৰ বৰদলৈ।ক্ৰমাৎ স্বাস্থ্যৰ অৱস্থাও অৱনতি ঘটিছিল ব্যক্তিগৰাকীৰ।অৱশেষত পুত্ৰ কন্যাৰ মুখ নেদেখাকৈ বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে ব্যক্তিগৰাকীয়ে।
প্ৰতাপ চন্দ্ৰ বৰদলৈয়ে নিজৰ দেহটো ইলোৰা বিজ্ঞান মঞ্চলৈ দান কৰি গৈছিল। পিতৃ মৃত্যু হোৱা ২৪ ঘন্টা ওকলি যোৱাৰ পিছতো যোৰহাটত উপস্থিত নহ’ল চিকিৎসক পুত্ৰ কন্যা। প্ৰতাপ চন্দ্ৰ বৰদলৈৰ এই ঘটনাৰ পিছতেই জোকাৰি গৈছে সমগ্ৰ অঞ্চল।