কুৰুক্ষেত্ৰলৈ ৰূপান্তৰিত হ’ল অসম বিধানসবাৰ মজিয়া। সদনৰ মজিয়াত বিৰোধী বিধায়কক খেদি গ’ল ৰূপজ্যোতি কুৰ্মীয়ে।
বিধায়ক অখিল গগৈ, শ্বেৰমান আলী, দেবব্ৰত শইকীয়াক মাৰিবলৈ চোঁচা ল’লে বিধায়ক ৰূপজ্য়োতি কুৰ্মীয়ে। মাইক ভাঙি দিম বুলি কৈ খেদি গ’ল বিধায়ক গৰাকীয়ে।
LoPৰ বিৰুদ্ধেও অশালীন মন্তব্য কৰাৰ অভিযোগ ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে। দৰাচলতে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি থকাৰ সময়তে অখিল গগৈয়ে মাজত মাত মতাৰ বাবে খং উঠিল বিজেপিৰ বিধায়ক গৰাকীৰ।
খঙতে বিজেপি বিধায়ক গৰাকীয়ে কয় যে ‘মই কথা ক’লে মাজত কথা নক’বি,মাইক ভাঙি থৈ আহিম,ফটুৱা চাল্লা’ তাৰ পিছতেই সদনত বিধায়ক অখিল গগৈক মাৰিবলৈ চোঁচা ল’লে ৰূপজ্যোতিয়ে।
অৱশ্যে হুলস্থুলীয়া পৰিৱেশৰ পিছতে সদনত ক্ষমা খুজিলে বিজেপিৰ বিধায়ক গৰাকীয়ে। ঘটনাৰ পিছতেই অখিল গগৈয়ে কয় যে অসম বিধান সভাৰ বাবে আজি ক’লা দিন।
উপাধ্যক্ষই এইবাৰৰ কাৰ্যকালৰ বাবে ৰূপজ্যোতি কুৰ্মীক বহিষ্কাৰ কৰিব লাগিছিল। বিধায়কৰ পদমৰ্যাদা ভৰিৰে মোহাৰিলে ৰূপজ্যোতি কুৰ্মীয়ে।
বিধানসভাত এক নজিৰবিহীন ঘটনাৰ সাক্ষী হৈ ৰ’ল সকলো। বিধানসভাৰ মজিয়াত ৰূপজ্যোতিৰ অভব্য আচৰণত হৈছে আচৰিত।