ৰাছিয়াই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী আসনৰ বাবে ভাৰত, ব্ৰাজিল আৰু আফ্ৰিকাৰ দেশসমূহক সমৰ্থন জনাইছে । ৰাছিয়াৰ এগৰাকী শীৰ্ষ কূটনীতিবিদে কয় যে ভাৰত, ব্ৰাজিল আৰু আফ্ৰিকাৰ দেশসমূহক বিশ্বব্যাপী সংখ্যাগৰিষ্ঠতাৰ বাবে স্থায়ী আসন দিয়া উচিত ।
এক সাক্ষাৎকাৰৰ সময়ত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে কয় যে ভাৰত, ব্ৰাজিলৰ দৰে দেশৰ লগতে আফ্ৰিকাৰ প্ৰতিনিধিও স্থায়ীভাৱে নিৰাপত্তা পৰিষদত থাকিব লাগে । বিশ্বৰ সংখ্যাগৰিষ্ঠতাৰ প্ৰতিনিধিত্ব নিশ্চিত কৰিবলৈ এইটো প্ৰয়োজনীয় ।
দৰাচলতে ভাৰতে বছৰ বছৰ ধৰি নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ বাবে প্ৰচাৰ চলাই আহিছে । ভাৰতে কয় যে ১৯৪৫ চনত স্থাপিত ১৫খন ৰাষ্ট্ৰৰ এই পৰিষদ একবিংশ শতিকাৰ উদ্দেশ্য অনুযায়ী নহয় আৰু সমসাময়িক ভূ-ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতিফলন নাই । মেৰুকৃত নিৰাপত্তা পৰিষদে বৰ্তমানৰ শান্তি আৰু নিৰাপত্তাৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাত ব্যৰ্থ হৈছে । নিৰাপত্তা পৰিষদৰ বিফলতাৰ উদাহৰণ হিচাপে ভাৰতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু ইজৰাইল-হামাছৰ সংঘাতৰ উদাহৰণ দাঙি ধৰে । ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী আসনৰ অধিকাৰী বুলি জোৰ দিছে ।
বিগত মাহত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী আসন দিবলৈ দাবী জনাইছিল । ইমানুৱেল মেক্ৰনে কৈছিল যে ‘ফ্ৰান্স নিৰাপত্তা পৰিষদৰ সম্প্ৰসাৰণৰ পক্ষত আৰু জাৰ্মানী, জাপান, ভাৰত আৰু ব্ৰাজিলও নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হ’ব লাগে । লগতে আফ্ৰিকাৰ পৰা দুখন দেশেও ইয়াত প্ৰতিনিধিত্ব লাভ কৰিব লাগে ।
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতক স্থায়ী আসন দিয়াৰ ক্ষেত্ৰতো আমেৰিকাই সমৰ্থন আগবঢ়াইছে । শেহতীয়াকৈ ৰাষ্ট্ৰসংঘত আমেৰিকাৰ ৰাষ্ট্ৰদূত লিণ্ডা থমাছেও এক বিবৃতিত উল্লেখ কৰিছিল যে ভাৰত, জাপান আৰু জাৰ্মানীক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী আসন দিয়া উচিত । আমেৰিকাৰ ৰাষ্ট্ৰদূতগৰাকীয়ে আফ্ৰিকাৰ দুখন দেশক স্থায়ী আসন দিয়াৰো সমৰ্থন আগবঢ়ায় আৰু আন আফ্ৰিকান দেশসমূহক নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যপদ দিয়াৰ পোষকতা কৰে ।