বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে ভাৰতৰ সৈতে সম্পৰ্ক শক্তিশালী বুলি অভিহিত কৰি দুয়োখন দেশৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা ভুল বুজাবুজি দূৰ কৰাৰ প্ৰচেষ্টাৰ ইংগিত দিয়ে । তেওঁ কয় যে বাংলাদেশ আৰু ভাৰতৰ মাজত সম্পৰ্ক শক্তিশালী আৰু ইয়াৰ ওপৰত কোনো প্ৰভাৱ পৰা নাই যদিও কিছু বিবাদৰ সৃষ্টি হৈছে, যাৰ কাৰণ তেওঁ ভুল তথ্য আৰু অপপ্ৰচাৰ বুলি কয় ।
বাংলাদেশ আৰু ভাৰতৰ সম্পৰ্ক গভীৰ- মহম্মদ ইউনুছ
এটা নিউজ চেনেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইউনুছে কয় যে বাংলাদেশ আৰু ভাৰতৰ মাজত ঐতিহাসিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সম্পৰ্ক ইমানেই গভীৰ যে ইয়াক সলনি কৰাটো কঠিন । তেওঁ কয়, ‘বাংলাদেশ-ভাৰতৰ সম্পৰ্ক যে ভাল হ’ব নোৱাৰে, তাত কোনো প্ৰশ্নই উত্থাপন নহয় । আমাৰ সম্পৰ্ক অতি ঘনিষ্ঠ আৰু আমাৰ পাৰস্পৰিক নিৰ্ভৰশীলতা অতি উচ্চ । অৱশ্যে কিছুমান সমস্যা হৈছে, যিবোৰক মই মাজতে অহা ডাৱৰৰ দৰে বৰ্ণনা কৰিছো । এই ডাৱৰবোৰ বেছিভাগেই অপপ্ৰচাৰৰ পৰাই উদ্ভৱ হৈছে আৰু কাৰ উৎস সেইটো আনৰ ওপৰত এৰি দিছো ।’
ভুল বুজাবুজিবোৰ দূৰ কৰাৰ প্ৰয়াস কৰা হৈছে- ইউনুছ
অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বীগৰাকীয়ে লগতে কয় যে বাংলাদেশ আৰু ভাৰতৰ মাজত থকা ভুল বুজাবুজি দূৰ কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে আৰু দুয়োখন দেশৰ মাজত সহযোগিতা পুনৰ শক্তিশালী হ’ব । তেওঁ কয় যে বাংলাদেশ আৰু ভাৰতৰ মাজত অহৰহ আলোচনা চলি আছে । ‘ভাৰতীয় প্ৰতিনিধি ইয়ালৈ আহিছে আৰু আমাৰ বিষয়াসকল তালৈ গৈ আছে ।’ প্ৰথম সপ্তাহতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতেও ব্যক্তিগতভাৱে কথা পাতিছিলো ।
২০২৫ চনৰ শেষৰ ফালে নিৰ্বাচন সম্ভৱ হ’ব পাৰে- ইউনুছ
যোৱা বছৰৰ আগষ্ট মাহত বাংলাদেশত ছাত্ৰ নেতৃত্বাধীন ব্যাপক প্ৰতিবাদৰ সময়ত ১০০০ৰো অধিক লোক নিহত হোৱাৰ ফলত ভাৰত-বাংলাদেশৰ সম্পৰ্ক তীব্ৰতৰ হৈ পৰিছিল । ইয়াৰ পিছত বাংলাদেশত শ্বেখ হাছিনাৰ চৰকাৰৰ পতন ঘটি অন্তৱৰ্তীকালীন চৰকাৰ গঠন হয়, যাৰ বাবে ভাৰতে বাংলাদেশৰ হিন্দু আৰু অন্যান্য সংখ্যালঘু সম্প্ৰদায়ক আক্ৰমণ কৰাৰ বাবে সমালোচনা কৰে ।
১৬ বছৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে থকা শ্বেখ হাছিনা ২০২৪ চনৰ আগষ্ট মাহত ভাৰতলৈ পলায়ন কৰে আৰু তেতিয়াৰ পৰাই ভাৰতত বসবাস কৰি আহিছে । ইফালে বাংলাদেশৰ ৰাজনৈতিক দলসমূহে আগতীয়াকৈ নির্বাচনৰ দাবী উত্থাপন কৰি গণতান্ত্ৰিক শাসন ঘূৰাই অনাৰ কথাও কৈছে ৷ ২০২৫ চনৰ শেষৰ ফালে নিৰ্বাচন সম্ভৱ হ’ব পাৰে বুলি কয় ইউনুছে, কিন্তু তেওঁ নিজেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি স্পষ্ট কৰি দিয়ে ।