ভাৰত আৰু নিউজিলেণ্ডৰ দলবোৰে চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ ফাইনেল জিকিবলৈ ডুবাইত যুঁজ দি আছে।টীম ইণ্ডিয়াৰ বাহিৰত থকা স্পিনাৰ যুজবেন্দ্ৰ চাহালকো ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত টীম ইণ্ডিয়াৰ হৈ উল্লাস কৰা দেখা গৈছিল।
অৱশ্যে, তেওঁক এগৰাকী যুৱতীৰ সৈতে দেখিবলৈ পোৱা গৈছিল। যিয়ে অনুৰাগীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল।যুৱতী গৰাকীৰ সৈতে চাহালৰ ফটোখন ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অনুৰাগীসকলে জানিবলৈ আগ্ৰহী যে যুৱতী গৰাকী কোন?
ধনশ্ৰী বাৰ্মা আৰু ক্ৰিকেটাৰ যুজবেন্দ্ৰ চাহাল যোৱা কেইদিনমান ধৰি তেওঁলোকৰ বিবাহ বিচ্ছেদৰ সন্দৰ্ভত শিৰোনাম দখল কৰিছে।
মুম্বাইৰ বান্দ্ৰা পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদৰ বাবে দাখিল কৰা আৱেদনৰ সৈতে চাহাল আৰু ধনশ্ৰীৰ মাজত বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া ইতিমধ্যে ২০২৫ চনৰ ফেব্ৰুৱাৰীত আৰম্ভ হৈছে বুলিও জানিব পৰা গৈছে।
অৱশ্যে, চাহাল বা ধনশ্ৰী কোনোৱেই এতিয়ালৈকে এই সন্দৰ্ভত কোনো বিবৃতি দিয়া নাই। এই সকলোবোৰৰ মাজতে চাহালে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ভাৰত-নিউজিলেণ্ডৰ ফাইনেল খেলখনত অংশগ্ৰহণ কৰিছিল, য’ত তেওঁৰ সৈতে বহি থকা এজনী যুৱতীয়ে এতিয়া চৰ্চা লাভ কৰিছে।
ছ’চিয়েল মিডিয়াত অসংখ্য ফটো ভাইৰেল হৈ আছে, য’ত চাহালক এগৰাকী যুৱতীৰ সৈতে ভাৰত-নিউজিলেণ্ডৰ ফাইনেল মেচউপভোগ কৰা দেখা গৈছে।
অনুৰাগীসকলে জানিবলৈ আগ্ৰহী হৈ পৰিছে যে এই যুৱতী গৰাকী কোন। দৰাচলতে, চাহালৰ সৈতে দেখা যুৱতী গৰাকী হৈছে আৰ.জে. মাহভাশ। দুয়োজনে তেওঁলোকৰ ইনষ্টাগ্ৰাম ষ্টৰিত খেলৰ দৃশ্য ভাগ বতৰা কৰিছিল।