আমেৰিকাৰ অভিযোজকৰ দ্বাৰা উদ্যোগপতি গৌতম আদানীৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে গৌতম আদানীৰ বিষয় আইনী প্ৰকৃতিৰ । ইয়াৰ ভিতৰত ব্যক্তিগত প্ৰতিষ্ঠান, ব্যক্তি আৰু আমেৰিকাৰ ন্যায় বিভাগো অন্তৰ্ভুক্ত আছে । এনে গোচৰৰ বাবে কিছুমান পদ্ধতি আৰু আইনী পথ আছে । এইবোৰ মানি চলা হ’ব বুলি আমি নিশ্চিত ।
এই বিষয়ে ভাৰত চৰকাৰক আগতীয়াকৈ অৱগত কৰা হোৱা নাছিল বুলিও তেওঁ কয় । আনকি এই বিষয়ত আমেৰিকা চৰকাৰৰ লগত কোনো আলোচনা হোৱা নাই বুলি মন্তব্য কৰে তেওঁ । বিদেশী চৰকাৰে চমন/গ্ৰেপ্তাৰী পৰোৱানা প্ৰদানৰ বাবে কৰা যিকোনো অনুৰোধ পাৰস্পৰিক আইনী সহায়ৰ অংশ । এনে অনুৰোধৰ যোগ্যতাৰ ভিত্তিত পৰীক্ষা কৰা হয় । এই বিষয়ত আমেৰিকান পক্ষৰ পৰা আমি কোনো অনুৰোধ পোৱা নাই । এইটো ব্যক্তিগত সংস্থাৰ সৈতে সম্পৰ্কিত বিষয় আৰু ভাৰত চৰকাৰ এই সময়ত কোনো ধৰণে আইনগতভাৱে ইয়াৰ অংশ নহয় ।
আমেৰিকাৰ ন্যায় বিভাগৰ অভিযোগনামাত ভাৰতত সৌৰশক্তিৰ চুক্তি লাভ কৰিবলৈ ভাৰতীয় উদ্যোগপতি গৌতম আদানী আদিয়ে ভাৰত চৰকাৰৰ বিষয়াক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰিছে । কিন্তু এই অভিযোগনামাত কেৱল অভিযোগ উত্থাপন কৰা হৈছে আৰু অভিযোগ সন্দৰ্ভত কোনো সুনিৰ্দিষ্ট প্ৰমাণ দিয়া হোৱা নাই । অৱশ্যে কোটিপতি গৌতম আদানী আৰু তেওঁৰ ভতিজা সাগৰ আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰিছে আদানী গ্ৰুপে । বুধবাৰে আদানী গ্ৰুপে কয় যে গৌতম আদানী আৰু তেওঁৰ ভতিজাৰ বিৰুদ্ধে উৎকোচৰ কোনো অভিযোগ নাই । একে সময়তে এই বিষয়টো সন্দৰ্ভত সংসদত বিৰোধীয়ে চৰকাৰক সমালোচনা কৰি আছে । ইয়াৰ বাবে একেৰাহে চাৰিবাৰ সংসদ স্থগিত ৰখা হৈছে ।