ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা পাঁচখন টেষ্টৰ শৃংখলাৰ তৃতীয়খন খেল ব্ৰিছবেনত অনুষ্ঠিত হৈ আছে। প্ৰথম দিনাৰ খেলখন বৰষুণৰ বাবে মাত্ৰ ১৩.২ অভাৰৰ হে খেল হয়।
ট্ৰেভিছ হেডৰ বেটেৰে ভাৰতৰ বিৰুদ্ধে প্ৰতিখন খেলতেই জুই নিগৰাই। ব্ৰিছবেনৰ গাব্বা খেলপথাৰত অনুষ্ঠিত তৃতীয় টেষ্ট খেলখনৰ প্ৰথম ইনিংছত হেডে ভাৰতৰ বিৰুদ্ধে এটা শতক অৰ্জন কৰে।
হেডে এই শৃংখলাত একেৰাহে দ্বিতীয়টো শতক অৰ্জন কৰি যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজৰ দৰে বিশ্বমানৰ বলাৰৰ বিৰুদ্ধে ৰাণ সংগ্ৰহ কৰে।
হেডৰ শতকৰ ভিত্তিত, অষ্ট্ৰেলিয়াই টেষ্টৰ দ্বিতীয় দিনটোটো নিজৰ স্থিতি শক্তিশালী কৰিছে। বৰ্তমানৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত হেড হৈছে সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী।
তেওঁ এতিয়ালৈকে এই শৃংখলাটোত ৩০০ তকৈও অধিক ৰাণ সংগ্ৰহ কৰিছে। হেডে কিছু সময়ৰ পৰা ভাৰতৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ডাঙৰ ইনিংছ খেলি আছে।
শনিবাৰে (১৪ ডিচেম্বৰ) খেলখনৰ প্ৰথম দিনা ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই টছত জয়ী হয়। তেওঁলোকে প্ৰথমে বল কৰাৰ সিদ্ধান্ত লৈছিল। টীম ইণ্ডিয়াত দুটা পৰিৱৰ্তন কৰা হৈছিল।
অভিজ্ঞ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিন আৰু দ্ৰুত বলাৰ হৰ্ষিত ৰাণাক বাদ দিয়া হৈছিল। অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা আৰু দ্ৰুত বলাৰ আকাশ দীপক দুয়োজনৰ ঠাইত সুযোগ দিয়া হৈছিল।
এডিলেড টেষ্টত ভাৰতৰ বিৰুদ্ধে ১৪০ ৰাণ সংগ্ৰহ কৰা অষ্ট্ৰেলিয়াৰ বেটছমেন ট্ৰেভিছ হেডে ব্ৰিছবেনতো নিজৰ ফৰ্ম অব্যাহত ৰাখিছে। তেওঁ ১১৫ টা বলত শতক অৰ্জন কৰি ভাৰতীয় দলটোক চিন্তিত কৰি ৰাখিছে। বুমৰাহৰ অভাৰত হেডে তিনি ৰাণেৰে শতক সম্পূৰ্ণ কৰিছিল।
ইয়াৰ পূৰ্বে হেডে ভাৰতৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত শতক অৰ্জন কৰিছিল আৰু এদিনীয়া বিশ্বকাপ ২০২৩ ৰ ফাইনেলত তেওঁ একে ধৰণৰ ফৰ্ম বজাই ৰাখিছিল।
বিশ্বকাপৰ ফাইনেলত শতক অৰ্জন কৰি হেডে দ্বিতীয়বাৰৰ বাবে এদিনীয়াত বিশ্ব চেম্পিয়ন হোৱাৰ ভাৰতৰ সপোন ভংগ কৰে। হেডে যোৱা টেষ্ট মেচখনত শতক অৰ্জন কৰি অষ্ট্ৰেলিয়াৰ বিজয়তো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।