ভাৰতৰ ‘শত্ৰু’ ট্ৰেভিছ হেডৰ পুনৰ শতক ; চিন্তাত ঘৰুৱা দলটো

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা পাঁচখন টেষ্টৰ শৃংখলাৰ তৃতীয়খন খেল ব্ৰিছবেনত অনুষ্ঠিত হৈ আছে। প্ৰথম দিনাৰ খেলখন বৰষুণৰ বাবে মাত্ৰ ১৩.২ অভাৰৰ হে খেল হয়।

ট্ৰেভিছ হেডৰ বেটেৰে ভাৰতৰ বিৰুদ্ধে প্ৰতিখন খেলতেই জুই  নিগৰাই। ব্ৰিছবেনৰ গাব্বা খেলপথাৰত অনুষ্ঠিত তৃতীয় টেষ্ট খেলখনৰ প্ৰথম ইনিংছত হেডে ভাৰতৰ বিৰুদ্ধে এটা শতক অৰ্জন কৰে।

হেডে এই শৃংখলাত একেৰাহে দ্বিতীয়টো শতক অৰ্জন কৰি  যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজৰ দৰে বিশ্বমানৰ বলাৰৰ বিৰুদ্ধে ৰাণ সংগ্ৰহ কৰে।

হেডৰ শতকৰ ভিত্তিত, অষ্ট্ৰেলিয়াই টেষ্টৰ দ্বিতীয় দিনটোটো নিজৰ স্থিতি শক্তিশালী কৰিছে। বৰ্তমানৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত হেড হৈছে সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী।

তেওঁ এতিয়ালৈকে এই শৃংখলাটোত ৩০০ তকৈও অধিক ৰাণ সংগ্ৰহ কৰিছে। হেডে কিছু সময়ৰ পৰা ভাৰতৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ডাঙৰ ইনিংছ খেলি আছে।

শনিবাৰে (১৪ ডিচেম্বৰ) খেলখনৰ প্ৰথম দিনা ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই টছত জয়ী হয়। তেওঁলোকে প্ৰথমে বল কৰাৰ সিদ্ধান্ত লৈছিল। টীম ইণ্ডিয়াত দুটা পৰিৱৰ্তন কৰা হৈছিল।

অভিজ্ঞ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিন আৰু দ্ৰুত বলাৰ হৰ্ষিত ৰাণাক বাদ দিয়া হৈছিল। অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা আৰু দ্ৰুত বলাৰ আকাশ দীপক দুয়োজনৰ ঠাইত সুযোগ দিয়া হৈছিল।

এডিলেড টেষ্টত ভাৰতৰ বিৰুদ্ধে ১৪০ ৰাণ সংগ্ৰহ কৰা অষ্ট্ৰেলিয়াৰ বেটছমেন ট্ৰেভিছ হেডে ব্ৰিছবেনতো নিজৰ ফৰ্ম অব্যাহত ৰাখিছে। তেওঁ ১১৫ টা বলত শতক অৰ্জন কৰি ভাৰতীয় দলটোক চিন্তিত কৰি ৰাখিছে। বুমৰাহৰ অভাৰত হেডে তিনি ৰাণেৰে শতক সম্পূৰ্ণ কৰিছিল।

ইয়াৰ পূৰ্বে হেডে ভাৰতৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত শতক অৰ্জন কৰিছিল আৰু এদিনীয়া বিশ্বকাপ ২০২৩ ৰ ফাইনেলত তেওঁ একে ধৰণৰ ফৰ্ম বজাই ৰাখিছিল।

বিশ্বকাপৰ ফাইনেলত শতক অৰ্জন কৰি হেডে দ্বিতীয়বাৰৰ বাবে এদিনীয়াত বিশ্ব চেম্পিয়ন হোৱাৰ ভাৰতৰ সপোন ভংগ কৰে। হেডে যোৱা টেষ্ট মেচখনত শতক অৰ্জন কৰি অষ্ট্ৰেলিয়াৰ বিজয়তো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

গাব্বা ষ্টেডিয়ামত খলনায়ক হ’ল বৰষুণ;  ভাৰত-অষ্ট্ৰেলিয়াৰ মেচত বতৰৰ বিধি-পথালি    

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ তৃতীয়খন মেচ ব্ৰিছবেনৰ গাব্বাত অনুষ্ঠিত হৈছে। আজি এই খেলখনৰ প্ৰথম দিন।

খেলখনত, ভাৰতীয় দলটোৱে টছত জয়ী হোৱাৰ পিছত প্ৰথমে বলিং কৰি আছে।টীম ইণ্ডিয়াত দুটা পৰিৱৰ্তন কৰা হৈছে। অভিজ্ঞ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিন আৰু দ্ৰুত বলাৰ হৰ্ষিত ৰাণাক বাদ দিয়া হৈছে।

তেওঁলোকৰ সলনি অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা আৰু দ্ৰুত বলাৰ আকাশ দীপক সুযোগ দিয়া হৈছে।

ভাৰতে পাৰ্থত শৃংখলাটোৰ প্ৰথমখন খেল জিকিছিল। খেলখনত আয়োজক অষ্ট্ৰেলিয়াক ২৯৫ ৰাণত ভাৰতে পৰাস্ত কৰি সকলোকে আচৰিত কৰিছিল।

কিন্তু দ্বিতীয়খন মেচত অষ্ট্ৰেলিয়া ১০ উইকেটত বিজয়ী হোৱাৰ লগে লগে শৃংখলাটো ১-১ হয়। এতিয়া এনে পৰিস্থিতিত, শৃংখলাটোৰ এই তৃতীয় খন খেল দুয়োটা দলৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে।

কিয়নো এই মেচখন জিকা দলটোৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হোৱাত সহজ পাব।

ব্ৰিছবেনৰ গাব্বা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ তৃতীয় খন টেষ্ট খেলৰ প্ৰথম দিনাৰ খেলখনত ধাৰাবাহিক বৰষুণৰ বাবে খেলখন পুনৰ আৰম্ভ কৰিব পৰা নাই।

বৰষুণৰ বাবে খেল বন্ধ হোৱালৈকে অষ্ট্ৰেলিয়াৰ দলটোৱে তেওঁলোকৰ প্ৰথম ইনিংছত কোনো ক্ষতি নোহোৱাকৈ ২৮ ৰাণ সংগ্ৰহ কৰিছিল।

গাব্বা খেলপথাৰত বৰষুণ খলনায়ক হৈ পৰিছে। এতিয়ালৈকে, প্ৰথম দিনটোত মাত্ৰ ১৩.২  অভাৰৰ হে খেলা হৈছে।

গাব্বা টেষ্টৰ বাবে অষ্ট্ৰেলিয়াই ঘোষণা কৰিলে প্লেয়িং ১১ৰ তালিকা , জয়ৰ পাছতো দলটোত অনা হ’ল ডাঙৰ পৰিৱৰ্তন

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৫ খন খেলৰ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ৰ তৃতীয়খন খেল ১৪ ডিচেম্বৰৰ পৰা ব্ৰিছবেনৰ গাব্বা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

টীম ইণ্ডিয়াই এই শৃংখলাৰ প্ৰথমখন মেচত ২৯৫ ৰাণত জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন মেচত আয়োজক কেংগাৰুয়ে ১০ উইকেটত জয় লাভ কৰে আৰু শৃংখলাটো ১-১ লৈ আনে।

এতিয়া সকলো অনুৰাগীৰ চকু তৃতীয় টেষ্ট মেচখনত স্থিৰ হৈ আছে। আয়োজক অষ্ট্ৰেলিয়াই প্লেয়িং ১১ৰ ঘোষণা কৰিছে।

য’ত এডিলেড টেষ্ট মেচত বিজয় স্বত্বেও এক ডাঙৰ পৰিৱৰ্তন কৰা হৈছে, যিটো খেলখনৰ এদিন পূৰ্বে সংবাদমেলত অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে নিজেই নিশ্চিত কৰিছে।

অষ্ট্ৰেলিয়াৰ দলৰ অধিনায়ক পেট কামিন্সে ব্ৰিছবেন টেষ্ট মেচৰ বাবে প্লেয়িং ১১ ত হোৱা পৰিৱৰ্তনৰ বিষয়ে তথ্য প্ৰদান কৰি কয় যে ‘যোৱা খন খেলৰ বাবে দ্ৰুত বলাৰ জছ হেজলউড সম্পূৰ্ণৰূপে ফিট নাছিল।

কিন্তু এইখন টেষ্ট মেচখনৰ বাবে তেওঁ সুস্থ হৈ উঠিছে আৰু তেওঁক স্কট বোলেণ্ডৰ ঠাইত অন্তৰ্ভুক্ত কৰা হ’ব। এডিলেড টেষ্ট খেলৰ ঠিক পূৰ্বে হেজলউডে কিছু অসুস্থতাৰ বাবেই খেলিব নোৱাৰিলে।

ইফালে বোলেণ্ডৰ বিষয়ে ক’বলৈ গ’লে, তেওঁ এডিলেড টেষ্ট মেচখনত খুব ভাল বলিং কৰিছিল, য’ত তেওঁৰ নামত ৫ টা উইকেট ল’বলৈ সক্ষম হৈছিল।

ব্ৰিছবেন টেষ্ট মেচৰ বাবে প্লেয়িং ১১ ত যোগদান কৰাৰ পূৰ্বে, হেজলউডেও ফিটনেছ পৰীক্ষা কৰাইছিল, যিটোত তেওঁ উত্তীৰ্ণ হৈছিল।

ব্ৰিছবেন টেষ্ট মেচৰ বাবে প্লেয়িং ১১ ত জছ হেজলউডৰ পুনৰ উভতি অহাৰ আটাইতকৈ ডাঙৰ কাৰণটো হৈছে ভাৰতীয় দলৰ বিৰুদ্ধে তেওঁৰ উৎকৃষ্ট অভিলেখ।

য’ত তেওঁ এতিয়ালৈকে ২৫.৫৫ গড়ে ১৬ খন টেষ্টত ৫৬ টা উইকেট দখল কৰিছে।য’ত তেওঁ চাৰিবাৰ ইনিংছত ৫ টা উইকেট দখল কৰিছে।

হেজলউডৰ বাহিৰে, অষ্ট্ৰেলিয়াৰ প্লেয়িং ১১ ত আন কোনো পৰিৱৰ্তন হোৱা নাই, যাৰ ফলত তেওঁ তিনিজন আগশাৰীৰ দ্ৰুত বলাৰ আৰু এজন স্পিনাৰৰ সৈতে খেলপথাৰলৈ যাব বুলি স্পষ্ট হয়।

ব্ৰিছবেন টেষ্ট মেচৰ বাবে অষ্ট্ৰেলিয়াৰ প্লেয়িং ১১ ত স্থান পোৱা খেলুৱৈ সকল হ’ল-উছমান খাৱাজা, নাথান মেকচুইনি, মাৰ্নাছ লাবুচাগনে, ষ্টিভ স্মিথ, ট্ৰেভিছ হেড, মিচেল মাৰ্শ, এলেক্স কেৰী (উইকেটকিপাৰ), পেট কামিন্স (অধিনায়ক), মিচেল ষ্টাৰ্ক, নাথান লিয়ন, স্কট বোলেণ্ড।