সোমবাৰে এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মে (এ ডি আৰ) এক প্ৰতিবেদন প্ৰকাশ কৰি দেশৰ ধনী মুখ্যমন্ত্ৰী আৰু কম সম্পত্তি থকা মুখ্যমন্ত্ৰীৰ তথ্য প্ৰদান কৰিছে । এ ডি আৰৰ তথ্য অনুসৰি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু ৯৩১ কোটিৰো অধিক সম্পত্তিৰে ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী, আনহাতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী হৈছে মাত্ৰ ১৫ লাখ টকাৰ সৰ্বনিম্ন সম্পত্তি থকা মুখ্যমন্ত্ৰী ।
এ ডি আৰে প্ৰতিবেদনত উল্লেখ কৰিছে যে প্ৰতিজন মুখ্যমন্ত্ৰীৰ গড় সম্পত্তি ৫২.৫৯ কোটি টকা । ভাৰতৰ জনমূৰি নিকা ৰাষ্ট্ৰীয় আয় ২০২৩–২০২৪ চনত প্ৰায় ১,৮৫,৮৫৪ টকা, আনহাতে এজন মুখ্যমন্ত্ৰীৰ গড় আয় ১৩,৬৪,৩১০ টকা, যিটো ভাৰতৰ গড় জনমূৰি আয়ৰ প্ৰায় ৭.৩ গুণ । এ ডি আৰৰ তথ্য অনুসৰি দেশৰ ৩১ গৰাকী মুখ্যমন্ত্ৰীৰ মুঠ সম্পত্তি ১৬৩০ কোটি টকা ।
এ ডি আৰে প্ৰকাশ কৰা তথ্য অনুসৰি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু হৈছে মুঠ ৩৩২ কোটিতকৈ অধিক সম্পত্তিৰে দ্বিতীয় সৰ্বাধিক ধনী মুখ্যমন্ত্ৰী । আনহাতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া ৫১ কোটিতকৈ অধিক সম্পত্তিৰে এই তালিকাত তৃতীয় স্থানত আছে ।
কম সম্পত্তি থকা মুখ্যমন্ত্ৰী-
মাত্ৰ ১৫ লাখ টকাৰে সৰ্বনিম্ন সম্পত্তি থকা মুখ্যমন্ত্ৰী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা ৫৫ লাখ টকাৰ সম্পত্তিৰে তালিকাৰ দ্বিতীয় দৰিদ্ৰ মুখ্যমন্ত্ৰী, আনহাতে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন ১.১৮ কোটি টকাৰ সম্পত্তিৰে তৃতীয় সৰ্বনিম্ন সম্পত্তি থকা মুখ্যমন্ত্ৰী । দেশৰ ৩১ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত মাত্ৰ দুগৰাকী মহিলা- পশ্চিম বংগৰ মমতা বেনাৰ্জী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী ।
প্ৰতিজন মুখ্যমন্ত্ৰীৰ কিমান সম্পত্তি আছে-
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ মুঠ সম্পত্তি প্ৰায় ২৫.৩৩ কোটি টকা, আনহাতে তেওঁৰ ঋণৰ পৰিমাণ ৩.৯২ কোটি টকা । মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ হাতত আছে ১৫ কোটি টকাৰ সম্পত্তি । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৩ কোটি টকা । গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ মুঠ সম্পত্তিৰ মূল্য ৯ কোটি টকা, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ মুঠ সম্পত্তিৰ মূল্য ৮ কোটি টকা, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল ৮ কোটিৰো অধিক সম্পত্তিৰ মালিক ।
এ ডি আৰৰ প্ৰতিবেদন অনুসৰি, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছৰ মুঠ মুঠ সম্পত্তি হৈছে ১৩.২৭ কোটি টকা, আনহাতে তেওঁৰ ৬২ লাখ টকাৰ ঋণ আছে । হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ ৭ কোটি টকাৰ অধিক সম্পত্তি আছে, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ ৪ কোটি টকাৰ অধিক সম্পত্তি আছে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ৩ কোটি টকাৰ অধিক সম্পত্তি আছে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ ১ কোটি টকাৰ সম্পত্তি আছে ।