মিছ ৱৰ্ল্ড প্ৰতিযোগিতা হৈছে এক বিশ্বব্যাপী অনুষ্ঠান যি এই বছৰো ভাৰতত আয়োজন কৰা হৈছে । বিভিন্ন দেশৰ পৰা নিৰ্বাচিত মহিলাসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মিছ ৱৰ্ল্ড মুকুট লাভ কৰে । ভাৰতে এই পৰ্যন্ত ৬ টা মিছ ৱৰ্ল্ড খিতাপ দখল কৰিছে । এতিয়ালৈকে ৰীতা ফৰিয়া, ঐশ্বৰ্য ৰায়, ডায়েনা হেডেন, যুক্তা মূখে, প্ৰিয়ংকা চোপ্ৰা আৰু মানুষী চিল্লাৰে ভাৰতৰ হৈ মিছ ৱৰ্ল্ড খিতাপ দখল কৰিছে । এইবাৰ ভাৰতৰ তেলেংগানাত অনুষ্ঠিত হ’ব ৭২ সংখ্যক মিছ ৱৰ্ল্ড প্ৰতিযোগিতা ।
৪ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানটো ২০২৫ চনৰ ৩১ মে’লৈকে চলিব য’ত ১২০ গৰাকী মহিলাই অংশগ্ৰহণ কৰিব । একে সময়তে হায়দৰাবাদত অনুষ্ঠিত হ’বলৈ গৈ আছে মিল ৱৰ্ল্ড পেজেণ্টৰ মুকলি অনুষ্ঠান, সামৰণি অনুষ্ঠান আৰু গ্ৰেণ্ড ফিনালে । ইয়াৰ পূৰ্বে ভাৰতৰ দিল্লী আৰু মুম্বাইত অনুষ্ঠিত হৈছিল ৭১ সংখ্যক মিছ ৱৰ্ল্ড ।
তেলেংগানা কিয় বিশেষ-
তেলেংগানা চৰকাৰৰ পৰ্যটন, সংস্কৃতি, ঐতিহ্য আৰু যুৱ পৰিক্ৰমা বিভাগৰ সচিব শ্ৰীমতী স্মিতা সভাৰৱালাৰ সৈতে মিছ ৱৰ্ল্ড লিমিটেডৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া জুলিয়া মৰ্লিয়ে এই আনুষ্ঠানিক ঘোষণা কৰে । তেলেংগানাত অনুষ্ঠিত হব লগা মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত পৰম্পৰা আৰু উদ্ভাৱনৰ মিশ্ৰণ ।
‘তেলেংগানা জৰুৰ আনা’ টেগলাইনেৰে আৰম্ভ কৰা হৈছে মিছ ৱৰ্ল্ড পেজেণ্ট আৰু প্ৰস্তুতি পূৰ্ণগতিত অব্যাহত আছে । তেলেংগানা এনে এখন ৰাজ্য য’ত ভাল বিমানবন্দৰ, মসৃণ পথ, আৰামদায়ক জলবায়ু, বিশ্বব্যাপী ঔষধৰ কেন্দ্ৰ আৰু স্বাস্থ্য আন্তঃগাঁথনিৰ লগতে উন্নত আই টি খণ্ড আৰু ক্ৰমবৰ্ধমান চলচ্চিত্ৰ উদ্যোগ আছে । এইখন পৰ্যটকৰ অনুকূল ৰাজ্য য’ত সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে বছৰটোৰ ভিতৰতে ভ্ৰমণ কৰিবলৈ আহে ।
তেলেংগানাত মিছ ৱৰ্ল্ড প্ৰতিযোগিতা আয়োজন কৰাৰ লক্ষ্য হৈছে ৰাজ্যখনৰ চহকী হস্ততাঁত ঐতিহ্য, সুন্দৰ স্থান, আড়ম্বৰপূৰ্ণ আৰু সুস্বাদু খাদ্য আৰু বিভিন্ন ধৰণৰ শিল্প আৰু শিল্পকলাৰ প্ৰদৰ্শন আৰু এইবোৰক বিশ্ববাসীৰ সৈতে পৰিচয় কৰাই দিয়া ।
চেক গণৰাজ্যৰ ক্ৰীষ্টিনা পিস্কোভাই পিন্ধাব বিশ্ব চেম্পিয়নৰ মুকুট-
মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিনিধিসকলে ৪ মে’ত তেলেংগানাত উপস্থিত হ’ব । বৰ্তমানৰ মিছ ৱৰ্ল্ড চেক গণৰাজ্যৰ ক্ৰীষ্টিনা পিস্কোভাই ৩১ মে’ত অনুষ্ঠিত হ’বলগীয়া গ্ৰেণ্ড ফিনালেত পৰৱৰ্তী মিছ ৱৰ্ল্ডৰ মুকুট পিন্ধাব । ইফালে ফেমিনা মিছ ইণ্ডিয়া হোৱা নন্দিনী গুপ্তাই এইবাৰ মিছ ৱৰ্ল্ড খিতাপৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰিব ।