সোমবাৰে ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰা হয় মাল্টি ৰোল গাইডেড মিছাইল ফ্ৰিগেট আই এন এছ তুছিলক (INS Tushil) । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰাছিয়া ভ্ৰমণৰ সময়ত কালিনিনগ্ৰাডত সেনাবাহিনীৰ অংশ হিচাপে ইয়াক কমিচন কৰে । ৰাজনাথ সিঙে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত লিখিছে, কালিনিনগ্ৰাড (ৰাছিয়া)ৰ য়ন্তাৰ শ্বিপয়াৰ্ডত আই এন এছ তুছিলৰ কমিচনিং অনুষ্ঠানত অংশগ্ৰহণ কৰি সুখী । ই ভাৰতৰ ক্ৰমবৰ্ধমান সামুদ্ৰিক শক্তিৰ গৌৰৱময় প্ৰমাণ আৰু ৰাছিয়াৰ সৈতে সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি ।
এই যুদ্ধজাহাজ তুছিল নামৰ অৰ্থ হৈছে ৰক্ষা কৱছ । ২০১৬ চনত ভাৰত আৰু ৰাছিয়াৰ মাজত ১২৫ মিটাৰ দৈৰ্ঘ্যৰ আই এন এছ তুছিল নিৰ্মাণৰ বাবে ২.৫ বিলিয়ন ডলাৰৰ চুক্তি স্বাক্ষৰিত হৈছিল । কালিনিনগ্ৰাডত নিয়োজিত ‘ৱাৰশ্বিপ অভাৰচিয়িং টিম’ৰ বিশেষজ্ঞৰ তত্বাৱধানত যুদ্ধজাহাজখনৰ নিৰ্মাণৰ ওপৰত নিৰীক্ষণ কৰা হৈছিল, য’ত ভাৰতীয় বিশেষজ্ঞসকলো আছিল ।
Delighted to attend the Commissioning Ceremony of #INSTushil, the latest multi-role stealth-guided missile frigate, at the Yantar Shipyard in Kaliningrad (Russia).
— Rajnath Singh (@rajnathsingh) December 9, 2024
The ship is a proud testament to India’s growing maritime strength and a significant milestone in long-standing… pic.twitter.com/L6Pok31wQJ
এই জাহাজ ভাৰত আৰু ৰাছিয়াৰ গভীৰ বন্ধুত্বৰ প্ৰমাণ-
ৰাজনাথ সিঙে কয় যে ভাৰতৰ ‘আত্মনিৰ্ভৰ ভাৰত’ দৃষ্টিভংগীয়ে সদায় ৰাছিয়াৰ পৰা সমৰ্থন লাভ কৰে । তেওঁ ইয়াক ভাৰত আৰু ৰাছিয়াৰ মাজত গভীৰ বন্ধুত্বৰ আন এক গুৰুত্বপূৰ্ণ উদাহৰণ বুলি অভিহিত কৰে । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে আই এন এছ তুছিলকে ধৰি বহু জাহাজত ‘মেড ইন ইণ্ডিয়া’ৰ কন্টেন্ট ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । এই জাহাজখনে ৰাছিয়া আৰু ভাৰতীয় উদ্যোগৰ সফল অংশীদাৰিত্বৰ এক বৃহৎ সাক্ষ্য । ই ভাৰতৰ প্ৰযুক্তিগত উৎকৰ্ষতাৰ দিশত কৰা যাত্ৰাৰ উদাহৰণ দাঙি ধৰে ।
১২৫ মিটাৰ দীঘল আৰু ৩৯০০ টন ওজনৰ আই এন এছ তুছিলৰ বৈশিষ্ট্য-
আই এন এছ তুছিল ১২৫ মিটাৰ দীঘল আৰু ৩৯০০ টন ওজন । জাহাজখনৰ ডিজাইনে ইয়াক ৰাডাৰক ফাঁকি দিয়াৰ ক্ষমতা আৰু উন্নত স্থিৰতা প্ৰদান কৰে । ভাৰতীয় নৌসেনা আৰু ৰাছিয়াৰ জাহাজ ডিজাইন কোম্পানী চেভাৰনয় ডিজাইন ব্যুৰোৰ বিশেষজ্ঞ অভিযন্তাৰ সহযোগত আই এন এছ তুছিলত থলুৱা সামগ্ৰী ২৬ শতাংশলৈ বৃদ্ধি কৰা হৈছে আৰু ভাৰতত নিৰ্মিত ব্যৱস্থাৰ সংখ্যা ৩৩লৈ বৃদ্ধি কৰা হৈছে, যিটো পূৰ্বৰ তুলনাত দুগুণতকৈও অধিক । এই জাহাজখন নিৰ্মাণৰ লগত জড়িত প্ৰধান ভাৰতীয় কোম্পানীসমূহ আছিল ব্ৰাহ্মছ এৰ’স্পেচ প্ৰাইভেট লিমিটেড, ভাৰত ইলেক্ট্ৰনিকছ লিমিটেড, কেলট্ৰন, নোভা ইন্টিগ্ৰেটেড চিষ্টেমছ, এলকম মেৰিন, জনছন কণ্ট্ৰ’লছ ইণ্ডিয়া আৰু আন বহুতো মৌলিক সঁজুলি নিৰ্মাতা ।