পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত চৰকাৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে (আই টি মন্ত্ৰালয়) এতিয়া ইলন মাস্কৰ এক্স প্লেটফৰ্ম (পুৰণি নাম টুইটাৰ)ক ভাৰতত পাকিস্তান চৰকাৰৰ এক্স একাউণ্ট ব্লক কৰিবলৈ কয় । ভাৰত চৰকাৰৰ এই অনুৰোধৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি এক্সে ভাৰতত সেই একাউণ্টটো বন্ধ কৰি দিছে । ইয়াৰ অৰ্থ এইটোৱেই যে পাকিস্তান চৰকাৰৰ এক্স একাউণ্ট আৰু ভাৰতত দেখা নাযাব ।
এক্স প্লেটফৰ্ম হৈছে এক জনপ্ৰিয় প্লেটফৰ্ম য’ত সমগ্ৰ বিশ্বৰ নেতা আৰু চৰকাৰে একাউণ্ট ভেৰিফাই কৰিছে । এই একাউণ্টবোৰৰ জৰিয়তে তেওঁলোকে নিজৰ দেশৰ বিষয়ে সিদ্ধান্ত আৰু অন্যান্য তথ্য দিয়ে । ভাৰতত পাকিস্তানৰ এই একাউণ্টটো ব্লক কৰা হৈছে ।
মঙলবাৰে সংঘটিত হয় আক্ৰমণ-
উল্লেখ্য যে মঙলবাৰে ভাৰতৰ জম্মু-কাশ্মীৰৰ পহলগামৰ বৈছাৰন উপত্যকাত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল । এই আক্ৰমণত বহু পৰ্যটকে প্ৰাণ হেৰুৱাই । এই আক্ৰমণৰ পিছত ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে বহু ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
পহলগামত সংঘটিত আক্ৰমণৰ পিছতে বুধবাৰে সন্ধিয়া ভাৰতত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । ইয়াত পাকিস্তানৰ বিৰুদ্ধে পাঁচটা কঠোৰ সিদ্ধান্ত লোৱা হয় ।