আজি নৌসেনা দিৱস আৰু ওড়িশাৰ পুৰী চহৰ এই বিশেষ দিনটোৰ বাবে সাজু হৈছে । চহৰখন ইয়াৰ বাবে সুন্দৰকৈ সজোৱা হৈছে । নৌসেনা দিৱস উদযাপনৰ অংশ হিচাপে আজি পুৰীৰ ব্লু ফ্লেগ বীচ্চত ভাৰতীয় নৌসেনাই এক বৃহৎ প্ৰদৰ্শন কৰিব । প্ৰতি বছৰে ৪ ডিচেম্বৰত নৌসেনা দিৱস পালন কৰা হয় । এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু ভাৰতীয় নৌসেনাৰ মুৰব্বী এডমিৰেল দীনেশ কে ত্ৰিপাঠী । এই প্ৰদৰ্শনে ভাৰতৰ নৌসেনাৰ সামৰ্থ প্ৰদৰ্শন কৰিব আৰু ভাৰতৰ সামুদ্ৰিক স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ দায়বদ্ধতাক উজ্জ্বল কৰি তুলিব । ৰাষ্ট্ৰপতিৰ আগমনৰ পৰিপ্ৰেক্ষিতত পুৰীত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ।
তথ্য অনুসৰি বুধবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে পুৰীত উপস্থিত হ’ব, য’ত তেওঁ ভগৱান জগন্নাথ দৰ্শন কৰিব আৰু প্ৰাৰ্থনা কৰাৰ পিছত বিয়লি প্ৰায় ৩:৫৫ বজাত পুৰীৰ ব্লু ফ্লেগ বীচ্চলৈ ৰাওনা হ’ব । ইয়াত তেওঁ নৌসেনা দিৱসৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ।
এই দিনটোৱে সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰে-
নৌসেনা দিৱসত ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত আৰব সাগৰ আৰু বংগ উপসাগৰত ভাৰতীয় নৌসেনাই চলোৱা সাহসী অভিযানক স্মৰণ কৰা হয় । ১৯৭১ চনৰ ৪ ডিচেম্বৰত পাকিস্তানী নৌসেনাৰ যথেষ্ট ক্ষতিসাধন হৈছিল । এই অভিযানত অংশগ্ৰহণ কৰা নাৱিক আৰু বিষয়াসকলৰ সাহস আৰু বীৰত্বক এই দিৱসত প্ৰণাম জনোৱা হয় ।
এই আচৰিত দৃশ্যৰ সাক্ষী হ’ব পুৰিবাসী-
এই অনুষ্ঠানত ভাৰতীয় নৌসেনাৰ বিমান, জাহাজ, হেলিকপ্টাৰ, চাবমেৰিন আৰু জাহাজে ওড়িশাৰ পুৰীৰ ‘ব্লু ফ্লেগ বীচ্চ’ত নিজৰ সামৰ্থ প্ৰদৰ্শন কৰিব । ভাৰতীয় নৌসেনাৰ ১৫খন যুদ্ধ জাহাজ আৰু ৪০ খনতকৈও অধিক বিমানে এই অনুষ্ঠানত অংশ ল’ব । ইয়াৰ লগতে নৌসেনাৰ চাবমেৰিন আৰু মেৰিন কমাণ্ডোৱেও এই অনুষ্ঠানত সামৰ্থ প্ৰদৰ্শন কৰিব । নৌসেনা দিৱস উদযাপনৰ সামৰণি মাৰিব বেণ্ড অৱ ইষ্টাৰ্ণ নেভাল কমাণ্ডে । পৰম্পৰাগত বিটিং ৰিট্ৰিট অনুষ্ঠানো অনুষ্ঠিত হ’ব । ড্ৰ’ন আৰু লেজাৰ শ্ব’ৰ পিছত ধাৰাবাহিকতা ড্ৰিল নৌ সেনা দিৱস উদযাপনৰ এক গুৰুত্বপূৰ্ণ আকৰ্ষণ হ’ব ।