অপাৰেচন ট্ৰাইডেণ্ট কি ?  ৪ ডিচেম্বৰত কিয় পালন কৰা হয় নৌসেনা দিৱস ?

১৯৭১ চনৰ ভাৰত–পাকিস্তান যুদ্ধৰ সময়ত পাকিস্তানৰ বন্দৰ চহৰ কৰাচীৰ বিৰুদ্ধে ভাৰতীয় নৌসেনাই আৰম্ভ কৰা আক্ৰমণাত্মক অভিযান আছিল অপাৰেচন ট্ৰাইডেণ্ট । ১৯৭১ চনৰ ৪ ডিচেম্বৰত অপাৰেচন ট্ৰাইডেণ্টৰ অধীনত এই অঞ্চলত যুদ্ধত প্ৰথমবাৰৰ বাবে জাহাজ বিৰোধী ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰা হয় । এই আক্ৰমণত পাকিস্তানৰ জাহাজ আৰু সা-সুবিধাসমূহৰ বিস্তৰ ক্ষতিসাধন হয় ।

১৯৭১ চনত বাংলাদেশৰ স্বাধীনতাৰ বাবে চলি থকা সংগ্ৰামৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হয় । পাকিস্তানী সেনাই বাংলাদেশত (তেতিয়াৰ পূব পাকিস্তানত) নৃশংস দমন চলোৱাত লাখ লাখ লোকে ভাৰতত আশ্ৰয় ল’বলৈ বাধ্য হয় । তাৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা লোৱাৰ সিদ্ধান্ত লয় ।

কৰাচীৰ কৌশলগত গুৰুত্ব-

কৰাচী আছিল পাকিস্তানৰ সৰ্ববৃহৎ বন্দৰ আৰু গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্ৰ । ইয়াৰ উপৰিও পাকিস্তানৰ নৌসেনা আৰু সামুদ্ৰিক যোগানৰ মূল কেন্দ্ৰ আছিল । ইয়াক লক্ষ্য কৰি শত্ৰুৰ যোগান শৃংখলত ব্যাঘাত জন্মোৱাটো গুৰুত্বপূৰ্ণ আছিল ।

এইদৰেই আৰম্ভ হৈছিল অপাৰেচন ট্ৰাইডেণ্ট-

১৯৭১ চনৰ ৪ ডিচেম্বৰত অপাৰেচন ট্ৰাইডেণ্ট আৰম্ভ কৰা হয় । ইয়াত ভাৰতীয় নৌসেনাই আই এন এছ নিৰ্ঘাট, আই এন এছ নিপট আৰু আই এন এছ বীৰ আদি সৰু, দ্ৰুত আৰু আধুনিক ক্ষেপণাস্ত্ৰ জাহাজ ব্যৱহাৰ কৰিছিল । এই জাহাজসমূহ ছোভিয়েট ইউনিয়নৰ পৰা লাভ কৰা অত্যাধুনিক পি-১৫ ষ্টাইক্স মিছাইলেৰে সজ্জিত আছিল । ভাৰতীয় নৌসেনাই নিশা কৰাচী বন্দৰত আক্ৰমণ চলাইছিল যাতে পাকিস্তানৰ ৰাডাৰ আৰু আকাশৰ পৰা নিৰীক্ষণ কঠিন হৈ পৰে । ভাৰতীয় নৌসেনাৰ টাস্ক ফ’ৰ্চে কৰাচী বন্দৰৰ ওচৰত উপস্থিত হৈ দ্ৰুত আক্ৰমণ চলায় ।

কৰাচী বন্দৰৰ বিস্তৰ ক্ষতি-

কৰাচী বন্দৰত ভাৰতীয় নৌ সেনাই ধ্বংস কৰে তিনিখন ডাঙৰ জাহাজ । বন্দৰটোৰ তেল ডিপো আৰু অন্যান্য গুৰুত্বপূৰ্ণ অট্টালিকাসমূহত জুই লগাই দিয়া হয় । পি এন এছ খাইবাৰ আৰু পি এন এছ মহাফিজৰ দৰে পাকিস্তানী নৌসেনাৰ জাহাজ ডুব যায় । এই আক্ৰমণত পাকিস্তানে প্ৰায় ৭০০ কোটি টকা লোকচানৰ সন্মুখীন হ’বলগীয়া হয় । যিহেতু পাকিস্তানী বিমানত নিশা বোমা নিক্ষেপ কৰাৰ সামৰ্থ নাছিল, সেয়েহে আবেলিৰ পৰা পুৱাৰ ভিতৰত এই আক্ৰমণ সংঘটিত কৰা হ’ব বুলি পৰিকল্পনা কৰা হৈছিল ।

ভাৰতীয় নৌসেনাৰ বিজয় অভিযান-

ভাৰতীয় নৌসেনাৰ বাবে অপাৰেচন ট্ৰাইডেণ্ট সম্পূৰ্ণ সফল হৈছিল । ভাৰতীয় জাহাজসমূহ নিৰাপদে উভতি আহিছিল আৰু এই অভিযানত ভাৰতীয় নৌসেনাৰ কোনো লোকচান হোৱা নাছিল । এই অভিযানে ভাৰতীয় নৌসেনাৰ ক্ষেপণাস্ত্ৰ জাহাজ ব্যৱহাৰৰ প্ৰথমটো ঘটনা আছিল । এই অভিযানে ভাৰতীয় নৌসেনাৰ পৰিকল্পনা আৰু কাৰ্যকলাপ বিশ্বমানৰ বুলি প্ৰমাণ কৰিছিল ।

৪ ডিচেম্বৰত ভাৰতীয় নৌসেনা দিৱস কিয় ?

অপাৰেচন ট্ৰাইডেণ্টৰ সফলতাৰ স্মৃতিত ৪ ডিচেম্বৰ দিনটো ভাৰতীয় নৌসেনা দিৱস হিচাপে পালন কৰা হয় । এই দিৱস ভাৰতীয় নৌসেনাৰ শক্তি, সাহস আৰু অৱদানৰ প্ৰতীক । ভাৰতীয় নৌসেনা দিৱসে নৌসেনাৰ বীৰত্বৰ কথা সোঁৱৰাই দিয়াই নহয়, আমাৰ নিৰাপত্তাৰ ক্ষেত্ৰত নৌসেনাৰ অৱদান কিমান গুৰুত্বপূৰ্ণ সেই কথাও মন পেলাই দিয়ে । লগতে এই দিৱসটোৱে আমাক গৌৰৱেৰে প্ৰণাম জনোৱাৰ সুযোগ দিয়ে যিসকলে নিজৰ সাহস আৰু বলিদানৰ জৰিয়তে দেশ সুৰক্ষিত কৰিছিল ।

ভাৰতীয় নৌসেনা দিৱসঃ ১৫খন যুদ্ধজাহাজ আৰু ৪০খনতকৈও অধিক বিমানে কৰিব অংশগ্ৰহণ; ৰাষ্ট্ৰপতি হ’ব মুখ্য অতিথি

আজি নৌসেনা দিৱস আৰু ওড়িশাৰ পুৰী চহৰ এই বিশেষ দিনটোৰ বাবে সাজু হৈছে । চহৰখন ইয়াৰ বাবে সুন্দৰকৈ সজোৱা হৈছে । নৌসেনা দিৱস উদযাপনৰ অংশ হিচাপে আজি পুৰীৰ ব্লু ফ্লেগ বীচ্চত ভাৰতীয় নৌসেনাই এক বৃহৎ প্ৰদৰ্শন কৰিব । প্ৰতি বছৰে ৪ ডিচেম্বৰত নৌসেনা দিৱস পালন কৰা হয় । এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু  আৰু ভাৰতীয় নৌসেনাৰ মুৰব্বী এডমিৰেল দীনেশ কে ত্ৰিপাঠী । এই প্ৰদৰ্শনে ভাৰতৰ নৌসেনাৰ সামৰ্থ প্ৰদৰ্শন কৰিব আৰু ভাৰতৰ সামুদ্ৰিক স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ দায়বদ্ধতাক উজ্জ্বল কৰি তুলিব । ৰাষ্ট্ৰপতিৰ আগমনৰ পৰিপ্ৰেক্ষিতত পুৰীত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ।

তথ্য অনুসৰি বুধবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে পুৰীত উপস্থিত হ’ব, য’ত তেওঁ ভগৱান জগন্নাথ দৰ্শন কৰিব আৰু প্ৰাৰ্থনা কৰাৰ পিছত বিয়লি প্ৰায় ৩:৫৫ বজাত পুৰীৰ ব্লু ফ্লেগ বীচ্চলৈ ৰাওনা হ’ব । ইয়াত তেওঁ নৌসেনা দিৱসৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ।

এই দিনটোৱে সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰে-

নৌসেনা দিৱসত ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত আৰব সাগৰ আৰু বংগ উপসাগৰত ভাৰতীয় নৌসেনাই চলোৱা সাহসী অভিযানক স্মৰণ কৰা হয় । ১৯৭১ চনৰ ৪ ডিচেম্বৰত পাকিস্তানী নৌসেনাৰ যথেষ্ট ক্ষতিসাধন হৈছিল । এই অভিযানত অংশগ্ৰহণ কৰা নাৱিক আৰু বিষয়াসকলৰ সাহস আৰু বীৰত্বক এই দিৱসত প্ৰণাম জনোৱা হয় ।

এই আচৰিত দৃশ্যৰ সাক্ষী হ’ব পুৰিবাসী-

এই অনুষ্ঠানত ভাৰতীয় নৌসেনাৰ বিমান, জাহাজ, হেলিকপ্টাৰ, চাবমেৰিন আৰু জাহাজে ওড়িশাৰ পুৰীৰ ‘ব্লু ফ্লেগ বীচ্চ’ত নিজৰ সামৰ্থ প্ৰদৰ্শন কৰিব । ভাৰতীয় নৌসেনাৰ ১৫খন যুদ্ধ জাহাজ আৰু ৪০ খনতকৈও অধিক বিমানে এই অনুষ্ঠানত অংশ ল’ব । ইয়াৰ লগতে নৌসেনাৰ চাবমেৰিন আৰু মেৰিন কমাণ্ডোৱেও এই অনুষ্ঠানত সামৰ্থ প্ৰদৰ্শন কৰিব । নৌসেনা দিৱস উদযাপনৰ সামৰণি মাৰিব বেণ্ড অৱ ইষ্টাৰ্ণ নেভাল কমাণ্ডে । পৰম্পৰাগত বিটিং ৰিট্ৰিট অনুষ্ঠানো অনুষ্ঠিত হ’ব । ড্ৰ’ন আৰু লেজাৰ শ্ব’ৰ পিছত ধাৰাবাহিকতা ড্ৰিল নৌ সেনা দিৱস উদযাপনৰ এক গুৰুত্বপূৰ্ণ আকৰ্ষণ হ’ব ।