অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় খন টেষ্ট মেচত ভাৰতীয় দলটোৱে ১০ উইকেটত পৰাজয়ৰ সন্মুখীন হয়। আনহাতে, দ্বিতীয় খন টেষ্ট মেচত ইংলেণ্ডে নিউজিলেণ্ডক ৩২৩ ৰাণত পৰাস্ত কৰে আৰু ইংলেণ্ডে শৃংখলাটোত ২-০ৰ অগ্ৰগতি লাভ কৰে।
বেটছমেনসকলে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলখনত ইংলেণ্ডৰ হৈ ভাল প্ৰদৰ্শন কৰিছিল। জো ৰুট, হেৰী ব্ৰুক, অলি পোপ আৰু বেন ষ্টোকছে যথেষ্ট ভাল প্ৰদৰ্শন কৰিছিল।এই খেলুৱৈসকলৰ বাবেই ইংলেণ্ডৰ দলটোৱে মেচখন জিকিবলৈ সফল হৈছিল।
নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট মেচত জয়ী হোৱাৰ পিছত, ইংলেণ্ডৰ দলটো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত সৰ্বাধিক মেচ জিকা আৰু ভাৰতীয় দলক অতিক্ৰম কৰা দল হৈ পৰিছে।
ইংলেণ্ডে এতিয়ালৈকে ডব্লিউটিচিত মুঠ ৩২ খন মেচ জিকিছে আৰু টীম ইণ্ডিয়াই ৩১ খন জয় লাভ কৰিছে।এই সফলতাৰ পিছতেই ইংলেণ্ডে ভাৰতৰ পৰা নম্বৰ ১ৰ মুকুটো কাঢ়ি লৈছে। অষ্ট্ৰেলিয়াৰ দলটো ২৯ টা জয়ৰ সৈতে তিনি নম্বৰত আছে।
ইংলেণ্ডে এতিয়ালৈকে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত মুঠ ৬৪ খন মেচ খেলিছে, যাৰ ভিতৰত ৩২ খন জিকিছে আৰু ২৪খনত পৰাজয় হৈছে। একে সময়তে, ৮ খন টেষ্ট মেচ ড্ৰ হৈছে। ইংলেণ্ডৰ দলটো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত আটাইতকৈ বেছি মেচ খেলা টীম।
২০২৩-২৫ ডব্লিউটিচিৰ পইণ্ট তালিকাত ইংলেণ্ডৰ দল পাঁচ নম্বৰত আছে। দলটোৱে এতিয়ালৈকে ২১ খন মেচ খেলিছে।যাৰ ভিতৰত ১১ খন জিকিছে আৰু ৯ খনত পৰাজিত হৈছে।
দলটোৰ পিচিটি ৪৫.২৪।এতিয়ালৈকে, ডব্লিউটিচিৰ দুটা চক্ৰ হৈ গৈছে আৰু এই তৃতীয় চক্ৰটো খেলি আছে। কিন্তু ইংলেণ্ড তিনিবাৰ ফাইনেলত উপনীত হ’বলৈ ব্যৰ্থ হৈছে।