ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ দেশলৈ ঘূৰাই পঠিয়াবলৈ দিয়া নিৰ্দেশৰ পিছতে বৃহৎ সংখ্যক অবৈধ অনুপ্ৰৱেশকাৰীক আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এতিয়া আমেৰিকাই অবৈধভাৱে বসবাস কৰা ভাৰতীয়ক বিতাড়ন কৰিবলৈ আৰম্ভ কৰিছে । খবৰ অনুসৰি অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক কঢ়িয়াই অনা আমেৰিকান সেনাৰ চি-১৭ বিমান ভাৰতলৈ ৰাওনা হৈছে । এতিয়ালৈকে দক্ষিণ আমেৰিকাৰ দেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক আমেৰিকাই বিতাড়িত কৰিছিল যদিও এতিয়া ভাৰতৰো অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা আৰম্ভ হৈছে ।
১৮ হাজাৰ অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰা বুলি দাবী-
আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ পেন্টাগনে কয় যে অতি সোনকালে টেক্সাছৰ এল পাছ’ আৰু কেলিফৰ্ণিয়াৰ ছান ডিয়েগোৰ পৰা ৫ হাজাৰৰো অধিক অবৈধ অনুপ্ৰৱেশকাৰীক লৈ সামৰিক বিমান উৰিব । ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ লগে লগে ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ পৰা প্ৰায় ১ কোটি ১০ লাখ অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়নৰ কথা কৈছিল । কেৱল যোৱা সপ্তাহত আমেৰিকাৰ সেনাই অবৈধ অনুপ্ৰৱেশকাৰীক লৈ লেটিন আমেৰিকাৰ দেশলৈ ছখন বিমান উৰা মাৰিছিল ।
যদিও কলম্বিয়াই আমেৰিকাৰ বিমানক নিজৰ দেশত অৱতৰণ কৰিবলৈ নিদিলে, তথাপিও ট্ৰাম্পৰ কঠোৰ স্থিতিৰ পিছত কলম্বিয়াই নিজৰ নাগৰিকক ঘূৰাই আনিবলৈ নিজৰ বিমান প্ৰেৰণ কৰে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আমেৰিকাই অবৈধভাৱে আমেৰিকাত থকা প্ৰায় ১৮ হাজাৰ ভাৰতীয় অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিছে ।
ইফালে আমেৰিকাই অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰাৰ খবৰৰ মাজতে ভাৰতত থকা আমেৰিকাৰ দূতাবাসে কয় যে আমেৰিকাই অনুপ্ৰৱেশ আইন কঠোৰভাৱে বলবৎ কৰি আছে । দূতাবাসৰ এজন বিষয়াই কয়, ‘মই কোনো সবিশেষ শ্বেয়াৰ কৰিব নোৱাৰো, কিন্তু মই ক’ব পাৰো যে আমেৰিকাই নিজৰ সীমান্ত কঠোৰ কৰিছে, অনুপ্ৰৱেশ আইন কঠোৰ কৰিছে আৰু অবৈধ অনুপ্ৰৱেশকাৰীক আঁতৰাইছে ।’ যোৱা মাহত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছিল যে তেওঁলোকে অবৈধ অনুপ্ৰৱেশৰ বিৰোধিতা কৰে আৰু আমেৰিকাত অবৈধভাৱে বসবাস কৰা ভাৰতীয়সকলক তেওঁলোকৰ ৰাষ্ট্ৰীয়তা পৰীক্ষা কৰিলে পুনৰ ল’বলৈ সাজু ।
সামৰিক বিমানৰ ব্যৱহাৰ-
অবৈধ অনুপ্ৰৱেশকাৰীক দমন কৰিবলৈ ট্ৰাম্পে সামৰিক বাহিনীক ব্যাপকভাৱে ব্যৱহাৰ কৰিছে । তেওঁ মেক্সিকান সীমান্তত সেনাবাহিনী মোতায়েন কৰিছে । একে সময়তে অবৈধ অনুপ্ৰৱেশকাৰীক ৰখাৰ বাবে সামৰিক ঘাটি ব্যৱহাৰ কৰা হৈছে আৰু সামৰিক বিমান ব্যৱহাৰ কৰি অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰা হৈছে । কিন্তু সামৰিক বিমানেৰে অবৈধ অনুপ্ৰৱেশকাৰী পঠোৱাৰ খৰচ অসামৰিক বিমানতকৈ বহু বেছি বুলি দাবী কৰা হৈছে । অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়নৰ উপৰিও কানাডা, মেক্সিকো আৰু চীনৰ ওপৰতো শুল্ক আৰোপ কৰাৰ লগতে ইউৰোপৰ ওপৰত শুল্ক আৰোপ কৰাৰ ভাবুকি দিছে ট্ৰাম্পে ।