শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে।যোৱা বছৰ ৰাছিয়া ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুটিনক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছিল।
২০২২ চনত ইউক্ৰেইনৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ পিছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ এইটোৱেই হ’ব প্ৰথম ভাৰত ভ্ৰমণ।
ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভে কয় যে পুটিনৰ ভাৰত ভ্ৰমণৰ বাবে প্ৰস্তুতি চলি আছে যদিও তেওঁ কোনো নিৰ্দিষ্ট তাৰিখ উল্লেখ কৰা নাই।
লাভৰভে কয়, ‘ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰত ভ্ৰমণৰ বাবে ভাৰত চৰকাৰৰ মুৰব্বীৰ আমন্ত্ৰণ গ্ৰহণ কৰিছে।’ তেওঁ লগতে কয়, ‘প্ৰধানমন্ত্ৰী মোদীয়ে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱাৰ পিছত প্ৰথম বিদেশ ভ্ৰমণৰ বাবে ৰাছিয়াক বাছি লৈছিল আৰু এতিয়া আমাৰ পাল।’
দুয়োজন নেতাৰ মাজত ইউক্ৰেইন যুদ্ধৰ বিষয়ে আলোচনা হ’ব, লগতে ডনাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত ভূ-ৰাজনৈতিক অস্থিৰতাৰ বিষয়েও আলোচনা কৰিব।
ইউক্ৰেইন সংঘাতৰ ক্ষেত্ৰত ভাৰতে নিৰপেক্ষ স্থিতি অক্ষুণ্ণ ৰাখিছে যদিও প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনক বাৰে বাৰে কৈছে যে এয়া যুদ্ধৰ যুগ নহয়।
ৰাছিয়াক গৰিহণা দিয়া ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱৰ পৰা ভাৰতে নিজকে আঁতৰাই ৰাখিছে আৰু পুটিনক ৰাজহুৱাভাৱে সমালোচনা কৰাৰ পৰাও বিৰত আছে।
ৰাছিয়াৰ সৈতে ভাৰতে শক্তিশালী সম্পৰ্ক বজাই ৰাখিছে যদিও ইউক্ৰেইনৰ সৈতেও সম্পৰ্ক বজাই ৰাখিছে।প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৪ চনত ৰাছিয়াৰ লগতে ইউক্ৰেইন ভ্ৰমণ কৰি ৰাষ্ট্ৰপতি জেলেনস্কিক সাক্ষাৎ কৰিছিল।অক্টোবৰ মাহত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনৰ বাবেও ৰাছিয়াৰ কাজান ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে।