সোমবাৰে পুৱা প্ৰায় ৯.৩০ বজাত দিল্লীত উপস্থিত হয় আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স । বিমানবন্দৰত তেওঁক গাৰ্ড অৱ অনাৰ দিয়া হয় । তেওঁক আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে । সেই সময়ত ভেন্সৰ তিনিটা সন্তান ইভান, বিবেক আৰু মিৰাবেলক ভাৰতীয় পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা দেখা গৈছিল । ইয়াৰ পিছত তেওঁ পৰিয়ালৰ সৈতে অক্ষৰধাম মন্দিৰ পৰিদৰ্শন কৰে । চাৰিদিনীয়া ভাৰত ভ্ৰমণলৈ অহা ভেন্সে তেওঁৰ পৰিয়ালৰ সৈতে সোমবাৰে নিশা প্ৰায় ৯ বজাত জয়পুৰত উপস্থিত হ’ব । ভাৰত ভ্ৰমণৰ বেছিভাগ সময় তেওঁ ৰাজস্থানত কটাব আৰু চমু আগ্ৰা ভ্ৰমণ কৰিব ।
জয়পুৰত ভেন্স পৰিয়াল ৰামবাগ পেলেচত থাকিব, য’ত তেওঁলোক নিশা ১০ বজাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । এই হাই-প্ৰফাইল ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মহানগৰীত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । মহানগৰীৰ গুৰুত্বপূৰ্ণ স্থানত দুহেজাৰৰো অধিক আৰক্ষী মোতায়েন কৰা হৈছে ।
মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হ’ব উপ-ৰাষ্ট্ৰপতিৰ আনুষ্ঠানিক কাৰ্যসূচী । তেওঁ মুখ্যমন্ত্ৰী শৰ্মা আৰু উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰীৰ সৈতে পুৱা ৯ বজাত আমেৰলৈ যাব । দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি হোটেললৈ উভতি অহাৰ পূৰ্বে আমেৰ দুৰ্গ, পান্না মীনা কা কুণ্ড আৰু অনোখী মিউজিয়াম পৰিদৰ্শন কৰিব ভেন্সে ।
মঙলবাৰে বিয়লি ২.৪৫ বজাত ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্কৰ ওপৰত ভাষণ প্ৰদান কৰিব ভেন্সে । বিয়লি ৪ বজাত তেওঁ হোটেললৈ উভতি আহিব, য’ত ভি আই পি, গণ্যমান্য ব্যক্তিৰ সৈতে বৈঠক হোৱাৰ সম্ভাৱনা আছে । বুধবাৰে পুৱা ৯ বজাত তেওঁ জয়পুৰৰ পৰা বিশেষ বিমানেৰে আগ্ৰালৈ ৰাওনা হ’ব ।
তাজমহল পৰিদৰ্শন কৰাৰ পিছত দিনৰ ১.২৫ বজাত জয়পুৰলৈ উভতি আহিব । বিষয়াসকলে জনোৱা মতে, বিয়লি ২ বজাত চিটি পেলেচ ভ্ৰমণৰ কথা আছে, য’ত উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰীয়ে তেওঁক আদৰণি জনাই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব । উপ-ৰাষ্ট্ৰপতি ভেন্স আৰু তেওঁৰ পৰিয়ালে ভ্ৰমণৰ সামৰণি মাৰি বৃহস্পতিবাৰে পুৱা ৬.৩০ বজাত বিশেষ বিমানেৰে ৱাশ্বিংটন ডি চিলৈ যাত্ৰা কৰিব ।