অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক লৈ ভাৰতত উপস্থিত হৈছে আমেৰিকাৰ সামৰিক বিমান । অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ প্ৰথমটো গোট আমেৰিকাৰ চি-১৪৭ বিমানেৰে ভাৰতত উপস্থিত হয় । এই বিমানত ১০৪ জন ভাৰতীয় লোক আছে ।
এই বিমানখন অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰিছে, য’ত আৰক্ষী আৰু প্ৰশাসন সষ্টম হৈ আছে । অমৃতসৰৰ আয়ুক্তই নিশ্চিত কৰে যে বুধবাৰে দিনৰ ১.৫৯ বজাত বিমানখন অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰে ।
বিমানবন্দৰত উপস্থিত থকা আমেৰিকান দূতাবাসৰ এজন বিষয়াই জনোৱা মতে, বিমানখনত মুঠ ১০৪ জন ভাৰতীয় আছে, য’ত ১৩ টি শিশু, ৭৯ জন পুৰুষ আৰু ২৫ গৰাকী মহিলা আছে । এই ভাৰতীয়সকলৰ ভিতৰত ৩৩ জন লোক গুজৰাটৰ যিসকল অমৃতসৰ বিমানবন্দৰৰ ভিতৰত থাকিব আৰু তাৰ পৰা পোনপটীয়াকৈ গুজৰাটলৈ প্ৰেৰণ কৰা হ’ব ।
তথ্য অনুসৰি আমেৰিকাৰ পৰা বিতাড়িত ভাৰতীয়সকলক মেক্সিকো-আমেৰিকা সীমান্তত ধৰা পৰিছে । কোৱা হৈছে যে তেওঁলোকে আইনগতভাৱে ভাৰত এৰিছিল যদিও তেওঁলোকে ডংকি পথেৰে আমেৰিকাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল । অশ্যে ভাৰতত উপস্থিত হোৱাৰ লগে লগে এইসকল লোকক গ্ৰেপ্তাৰ কৰাৰ কোনো ভিত্তি নাই কাৰণ তেওঁলোকে কোনো ধৰণে ভাৰতীয় আইন উলংঘা কৰা নাই ।
উল্লেখ্য যে ট্ৰাম্প চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীক কঢ়িয়াই নিয়াৰ বাবে সামৰিক বিমান ব্যৱহাৰ কৰি আহিছে । ইয়াৰ পূৰ্বেও আমেৰিকাৰ সামৰিক বিমানেৰে গুৱেটামালা, পেৰু আৰু হণ্ডুৰাছলৈ অবৈধ অনুপ্ৰৱেশকাৰীক প্ৰেৰণ কৰা হৈছিল ।
২৭ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপৰ অন্তত ট্ৰাম্পে কৈছিল যে ভাৰতে আমেৰিকাৰ পৰা অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক পুনৰ ঘূৰাই আনিবলৈ সঠিক পদক্ষেপ গ্ৰহণ কৰিব । হিচাপ অনুসৰি আমেৰিকাত প্ৰায় ১৮ হাজাৰ অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক ভাৰতলৈ বিতাড়িত কৰাৰ প্ৰয়োজন আছে । ট্ৰাম্প ক্ষমতালৈ অহাৰ পিছত ভাৰত চৰকাৰে এই সমস্যা সমাধানৰ বাবে আমেৰিকাৰ সৈতে একেলগে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল ।