পৃথিৱীৰ ওপৰত ঋণৰ বোজা ক্ৰমাগতভাৱে বাঢ়ি গৈ আছে । ইয়াৰ পৰিসংখ্যা ১০২ ট্ৰিলিয়ন ডলাৰ হৈছেগৈ যিটো আশ্চৰ্যকৰ । আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ উদ্ধৃতিৰে ঋণী দেশৰ তালিকা শ্বেয়াৰ কৰিছে ৱৰ্ল্ড অৱ ষ্টেটিষ্টিকছে (World of Statistics) । য’ত আমেৰিকাৰ ঋণ সৰ্বাধিক, আনহাতে চীন আৰু জাপান দ্বিতীয় আৰু তৃতীয় স্থানত আছে । ভাৰতৰ কথা ক’বলৈ গ’লে বিশ্বৰ মুঠ ঋণৰ ৩.২% ভাৰতৰ হাতত আছে । শীৰ্ষ ১০খন ঋণগ্ৰস্ত দেশৰ সম্পূৰ্ণ তালিকা চাওঁ আহক…
আমেৰিকা হৈছে আটাইতকৈ ডাঙৰ ঋণী দেশ-
যদি আপুনি ৱৰ্ল্ড অৱ ষ্টেটিষ্টিকছে প্ৰকাশ কৰা তথ্যসমূহ চায়, তেন্তে বৰ্তমান বিশ্বৰ মুঠ ঋণ ১০২ ট্ৰিলিয়ন ডলাৰ আৰু ইয়াৰ আটাইতকৈ ডাঙৰ শ্বেয়াৰহোল্ডাৰ হৈছে আমেৰিকা, যাৰ ঋণ ৩৬ ট্ৰিলিয়ন ডলাৰ, যিটো হৈছে বিশ্বৰ ঋণৰ ৩৪.৬ শতাংশ ।
দ্বিতীয় স্থানত ড্ৰেগনৰ দেশ-
বিশ্বৰ দ্বিতীয় বৃহত্তম ঋণগ্ৰস্ত দেশ চীন । চীনৰ ঋণৰ কথা ক’বলৈ গ’লে ইয়াৰ পৰিমাণ বিশাল । দেশখনৰ ঋণ আছে ১৪.৬৯ ট্ৰিলিয়ন ডলাৰ । যিটো বিশ্বৰ মুঠ ঋণৰ ১৬.১ শতাংশ ।
$102 Trillion Global Debt in 2024
— World of Statistics (@stats_feed) December 19, 2024
% of world total debt:
🇺🇸 United States: 34.6%
🇨🇳 China: 16.1%
🇯🇵 Japan: 10.0%
🇬🇧 United Kingdom: 3.6%
🇫🇷 France: 3.5%
🇮🇹 Italy: 3.2%
🇮🇳 India: 3.2%
🇩🇪 Germany: 2.9%
🇨🇦 Canada: 2.3%
🇧🇷 Brazil: 1.9%
🇪🇸 Spain: 1.7%
🇲🇽 Mexico: 1.0%
🇰🇷 South Korea:…
তৃতীয় স্থানত জাপান-
ঋণৰ ক্ষেত্ৰত আমেৰিকা আৰু চীনৰ পিছতে তৃতীয় স্থানত আছে জাপান । আই এম এফৰ তথ্য অনুসৰি বিশ্বৰ মুঠ ঋণৰ ১০ শতাংশ জাপানৰ । প্ৰতিবেদন অনুসৰি ই প্ৰায় ১০.৮০ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে ।
ব্ৰিটেইনৰ পৰা ইটালীলৈকে অন্তৰ্ভুক্ত-
শীৰ্ষ ১০ খন বৃহৎ ঋণগ্ৰস্ত দেশৰ তালিকাত পৰৱৰ্তী নাম ব্ৰিটেইন (ইউ কে) । যি বিশ্বৰ ঋণৰ ৩.৬ শতাংশ । ইয়াৰ বাহিৰেও ফ্ৰান্সৰ অংশ ৩.৫ শতাংশ আৰু ইটালীৰ অংশ ৩.২ শতাংশ ।
সপ্তম স্থানত ভাৰত-
ঋণৰ ক্ষেত্ৰত ভাৰত তালিকাৰ শীৰ্ষ দহৰ ভিতৰত সপ্তম স্থানত আছে আৰু ইয়াৰ ঋণ আমেৰিকাতকৈ ১০ গুণ কম । বিশ্বৰ মুঠ ঋণৰ ভিতৰত ভাৰতৰ অংশ ৩.২% । ইয়াৰ পিছতে জাৰ্মানী (২.৯%), কানাডা (২.৩%), ব্ৰাজিল (১.৯%) । কিন্তু জি ডি পি অনুপাতৰ ফালৰ পৰা চালে ঋণী দেশৰ এই তালিকাখন যথেষ্ট বেলেগ দেখা যাব ।