ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে টিবি (যক্ষ্মা) ৰোগে সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক সামাজিক আৰু অৰ্থনৈতিকভাৱে প্ৰভাৱিত কৰিছে । তেওঁ ভাৰতবৰ্ষক টিবিমুক্ত কৰাৰ বাবে সকলো ৰাইজক একত্ৰিতভাৱে কাম কৰিবলৈ আহ্বান জনায় । বিশ্ব যক্ষ্মা দিৱসৰ প্ৰাকক্ষণত দিয়া বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় টিবি নিৰ্মূল কাৰ্যসূচীৰ অধীনত যৌথ প্ৰচেষ্টাৰ ফলত দেশত টিবি আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে ।
সকলো অংশীদাৰে একেলগে কাম কৰিব লাগে- ৰাষ্ট্ৰপতি
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয়, ‘মই সকলো অংশীদাৰ আৰু ৰাইজক একত্ৰিত হৈ ভাৰতক টিবিমুক্ত কৰিবলৈ আহ্বান জনাইছো ।’ ৰাষ্ট্ৰপতিগৰাকীয়ে টিবিক ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী স্বাস্থ্যজনিত প্ৰত্যাহ্বান হিচাপে অভিহিত কৰে । তেওঁ কয় যে এই ৰোগে কেৱল স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱাই নহয় মানুহৰ জীৱন আৰু জীৱিকাতো প্ৰভাৱ পেলায় ।
‘সমগ্ৰ পৃথিৱীয়ে একত্ৰিত হৈ কাম কৰিব লাগিব’
তেওঁ কয় যে এইবাৰৰ বিশ্ব যক্ষ্মা দিৱসৰ থিম ‘হয়, আমি টিবি শেষ কৰিব পাৰো : সংকল্প লওক, বিনিয়োগ কৰক আৰু সম্পূৰ্ণ কৰক’এ প্ৰতিফলিত কৰে যে সমগ্ৰ বিশ্বই টিবি শেষ কৰিবলৈ একেলগে কাম কৰিব লাগিব ।