ৰিলৰ এই যুগত, আজিকালি মানুহে ভাইৰেল হ’বলৈ যিকোনো কাম কৰিবলৈ সাজু হৈছে। এনে ভিডিঅ’ প্ৰায়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে, যি কেতিয়াবা আপোনাক হাঁহিবলৈ বাধ্য কৰে, আৰু কেতিয়াবা আচৰিতও কৰে। শেহতীয়াকৈ, একেধৰণৰ ভিডিঅ’ ওলাইছে, যি ভিডিঅ’ই আচৰিত কৰিছে সকলোকে।
দিল্লীৰ ইণ্ডিয়া গেট এখন ঐতিহাসিক আৰু সুন্দৰ ৰাষ্ট্ৰীয় ঐতিহ্য বহন কৰে। মানুহে তেওঁলোকৰ পৰিয়ালৰ সৈতে সময় কটাবলৈ বা ঘূৰি ফুৰিবলৈ ইয়ালৈ আহে।
এই ইণ্ডিয়া গেটৰ সন্মুখতেই সন্নতি মিত্ৰ নামৰ এগৰাকী মডেলৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। মডেল গৰাকীয়ে দেশৰ গৌৰৱ আৰু ঐতিহাসিক ঐতিহ্য ইণ্ডিয়া গেটৰ সন্মুখত তেওঁৰ সকলো সীমা অতিক্ৰম কৰিছে।
ভিডিঅ’টোত, মডেল গৰাকীয়ে এখন টাৱেল পৰিধান কৰি ইণ্ডিয়া গেটৰ সন্মুখত নৃত্য কৰি থকা দেখা গৈছে। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতেই সকলো হতবাক হৈ পৰিছে।
ভিডিঅ’টো পোহৰলৈ অহাৰ পিছত, সকলো জাঙুৰ খাই উঠিছে আৰু নেতিবাচক মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে।সন্নতি মিত্ৰই তেওঁৰ ইনষ্টাগ্ৰামত এই ৰিলটো পোষ্ট কৰিছে।বহু লোকে মডেল গৰাকীৰ এই কাণ্ডৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে।