উত্তৰ প্ৰদেশৰ আগ্ৰাৰ লক্ষ্ণৌ এক্সপ্ৰেছৱেত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। মহাকুম্ভৰ পৰা উভতি অহা এখন বাছে ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰে।দুৰ্ঘটনাটোৰ ফলত বাছখনত থকা চাৰিজন লোকৰ মৃত্যু হয়।ইফালে, দুৰ্ঘটনাটোত ২০ জন লোক আহত হয়।
প্ৰাপ্ত তথ্য অনুসৰি, ব্যক্তিগত স্লিপাৰ বাছখন বেনাৰসৰ পৰা জয়পুৰলৈ গৈ আছিল।বাছখনৰ বেছিভাগ যাত্ৰী প্ৰয়াগৰাজ কুম্ভ স্নানৰ পৰা উভতি অহা যাত্ৰী আছিল।
কিন্তু চালকজনৰ টোপনি অহাত ৰৈ থকা এখন ট্ৰাকত খুন্দা মৰে বাছখনে। জানিব পৰা মতে ফতেহাবাদৰ আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত পুৱা ৫ বজাত দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে বাছখনৰ সন্মুখৰ অংশটো সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছিল। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।