ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এইবাৰ দিন-দুপৰতে কোকৰাঝাৰত সংঘটিত হৈছে গুলীচলানাৰ ঘটনা। দুৰ্বৃত্তই গুলীচালনা কৰি বেংকৰ পৰা লুটি নিলে ৩ লাখ টকা । দিন-দুপৰতে সংঘটিত কৰা এই ঘটনাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ।
কোকৰাঝাৰৰ SBIৰ বেংকত এটা দুৰ্বৃত্তৰ দল সোমাই আহি SBI গ্ৰাহক সেৱাত কৰ্মৰত এজন যুৱকক গুলীচালনা কৰে। দুৰ্বৃত্তৰ দলটোৱে গুলীচালনা কৰাৰ পিছতেই বেংকৰ লুটি লৈ যায় ৩লাখ টকা। দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত হৈছে SBI গ্ৰাহক সেৱাত কৰ্মৰত ছফিকুল ইছলাম নামৰ যুৱকজন। ততাতৈয়াকৈ ছফিকুল ইছলামক চিকিৎসালয়লৈ প্ৰেৰণ যদিও স্বাস্থ্যৰ অৱস্থা সংকটজনক।
ভয়ংকৰ ঘটনা সংঘটিত কৰা দুৰ্বৃত্তৰ দলটো এখন বাইকত বেংকলৈ আহিছিল আৰু গুলীচালনা সংঘটিত কৰি দুই দুৰ্বৃত্ত বাইক এৰি পলায়ন কৰে। দুৰ্বৃত্তই অনা বাইকখনৰ হৈছে AS-16L-5848।ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ঘটনাস্থলীত ৰূপশী আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি আৰু আৰম্ভ কৰে তদন্ত প্ৰক্ৰিয়া। কোকৰাঝাৰৰ কাজীগাঁৱৰ শান্তিপুৰত সংঘটিত হৈছে ভয়ংকৰ এই ঘটনা