দেওবাৰে দক্ষিণ কোৰিয়াৰ মুয়ান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। অৱতৰণৰ সময়ত ৰানৱেৰ পৰা পিছলি গৈ দুৰ্ঘটনাত পতিত হয় বিমান খন।
জানিব পৰা পৰা ১৮১ জন যাত্ৰী কঢ়িয়াই অনা জেজু এয়াৰ বিমানখন বেংককৰ পৰা আহি আছিল আৰু অৱতৰণ ৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈছিল।অৱতৰণৰ সময়তেই বিমানখন ৰানৱেৰ পৰা পিছলি গৈ ফেন্সিঙত খুন্দা মাৰিছিল।
তাৰ পিছতেই দাউ দাউ জ্বলি উঠিছিল বিমানখন। যাৰ ফলত ৬২ জনকৈ যাত্ৰী থিতাতে নিহয় হয়। বিমানখনত ১৭৫ জন যাত্ৰী আৰু ৬ জন কৰ্মচাৰী আছিল।
ঘটনাটো স্থানীয় সময় অনুসৰি পুৱা ৯:০৭ বজাত দক্ষিণ-পশ্চিম উপকূলীয় বিমানবন্দৰত সংঘটিত হৈছিল। দক্ষিণ কোৰিয়াৰ কাৰ্যকৰী ৰাষ্ট্ৰপতি চো চুং-মকে সাহায্য আৰু উদ্ধাৰৰ কাম ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছে।
জানিব পৰা মতে লেণ্ডিং গিয়েৰত বিজুতি হোৱাৰ বাবেই, বিমানখন ৰানৱেৰ পৰা পিছলি গৈ দুৰ্ঘটনাত পতিত হয়।
এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে উদ্ধাৰকাৰী দলে কোনো ধৰণৰ পলম নকৰাকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । লগতে বিমানখনত লগা জুই নিৰ্বাপিত কৰাৰ বাবে চেষ্টা কৰে ।মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।