দক্ষিণ টাইৰ্জিৰ এণ্টালিয়া বিমানবন্দৰত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বিমানবন্দৰটোত অৱতৰণৰ পিছতেই দাউ দাউ কৈ জ্বলি উঠিল ৰাছিয়াৰ এখন বিমান।সেই সময়ত বিমানখনত ৯৫ জন যাত্ৰী আছিল।
জানিব পৰা মতে ৰাছিয়াৰ এয়াৰলাইন আজিমুথ এয়াৰলাইনছৰ দ্বাৰা পৰিচালিত চুখোই চুপাৰজেট ১০০ শ্ৰেণীৰ বিমানখনে দেওবাৰে ৰাছিয়াৰ ছোচিৰ পৰা উৰা মাৰিছিল।
বিমানখনত প্ৰায় ৮৯ জন যাত্ৰী আৰু ছয়জন কৰ্মচাৰী আছিল।স্থানীয় সময় অনুসৰি নিশা ৯:৩৪ বজাত বিমানখন এণ্টালিয়া বিমানবন্দৰত অৱতৰণ কৰে।
তাৰ পিছতেই পাইলটজনে ইঞ্জিনত জুই লগাৰ খবৰ দিয়ে। ততাতৈয়াকৈ যাত্ৰী সকলক সুৰক্ষিতভাৱে স্থানান্তৰিত কৰা হয়। তাৰ পিছত বিমানবন্দৰৰ উদ্ধাৰ কাৰী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে লগে লগে জুই নুমুৱাবলৈ সক্ষম হয়।