গুৱাহাটীৰ মৌচুমী গগৈৰ হৃদয়বিদাৰক ঘটনাৰ সংঘটিত হোৱাৰ নিশাই ডিব্ৰুগড়ৰ উপকন্ঠ অঞ্চল লাহোৱালত আন এটি চাঞ্চল্যকৰ ঘটনা ।এগৰাকী বৃদ্ধা মহিলাক চুৰিকাঘাট দুৰ্বৃত্তৰ।
মহিলা গৰাকী কেশলতা হাজৰিকা ৬০ উধ্ব বুলি জানিব পৰা গৈছে। লাহোৱাল ৰাজাখাট তিনিআলিত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা মতে বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত বন্ধু ধাৱাৰ সন্মুখত থকা পাণ দোকান বন্ধ কৰি ঘৰলৈ গৈ থকা অৱস্থাত মুখত কাপোৰ বান্ধি অহা অচিনাক্ত দুৰ্বৃত্তই টকা থকা বেগ কাঢ়িবলৈ লৈ মহিলাগৰাকী পেটত চুৰিকাঘাট কৰে ।
পিছত মহিলা গৰাকীক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ। ঘটনাত ব্যৱহৃত চুৰি খন মহিলা গৰাকীৰ পেটত সোমাই থকা অৱস্থাতে পলায়ণ কৰে দুজনীয়া দুৰ্বৃত্তই।
বৰ্তমান লাহোৱাল আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । টকা কাঢ়িবলৈ মহিলা গৰাকীক আক্ৰমণ কৰাৰ সন্দেহ আৰক্ষীৰ। একেদিনাই সংঘটিত হোৱা দুটাকৈ লোমহৰ্ষক ঘটনায়ে এতিয়াৰ ৰাজ্যখনত জনসাধাৰণৰ মাজত চাঞ্চল্য সৃষ্টি কৰিছে।