ব্রিছবেনৰ দ্য গাব্বাত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাৰ তৃতীয়খন মেচ অমীমাংসিতভাৱে সমাপ্ত হয় । অষ্ট্ৰেলিয়াই ভাৰতক জয়ৰ বাবে ২৭৫ ৰানৰ লক্ষ্য বান্ধি দিছিল । কিন্তু খেলখনৰ পঞ্চম দিনা চাহ বিৰতিৰ পাছত মেচ আৰম্ভ কৰিব পৰা নগ’ল । বৰষুণ আৰু পোহৰৰ অভাৱৰ বাবে মেচখন ড্ৰ’ ঘোষণা কৰা হয় । ইয়াৰ পিছতে এই শৃংখলাত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দলে এতিয়া ১-১ ব্যৱধানত সমতা স্থাপন কৰিছে ।
প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই ৪৪৫ ৰান সংগ্ৰহ কৰিছিল । এই সময়ছোৱাত ষ্টিভ স্মিথ আৰু ট্ৰেভিছ হেডে শতক অৰ্জন কৰে । হেডে ১৫২ ৰানৰ শক্তিশালী ইনিংছ খেলিছিল । আনহাতে স্মিথে ১০১ ৰান সংগ্ৰহ কৰে । এলেক্স কেৰীয়ে ৭০ ৰানৰ ইনিংছ খেলিছিল । এই সময়ছোৱাত ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে ৬টা উইকেট দখল কৰে । আনহাতে মহম্মদ ছিৰাজে ২টা উইকেট দখল কৰে । আকাশ দীপ আৰু নীতিশ ৰেড্ডীয়ে ১টাকৈ উইকেট দখল কৰে ।
The play has been abandoned in Brisbane and the match is drawn.
— BCCI (@BCCI) December 18, 2024
After the Third Test, the series is evenly poised at 1-1
Scorecard – https://t.co/dcdiT9NAoa#TeamIndia | #AUSvIND pic.twitter.com/GvfzHXcvoG
টিম ইণ্ডিয়াৰ হৈ ৰাহুলৰ শক্তিশালী প্ৰদৰ্শন-
প্ৰথম ইনিংছত অল আউট হোৱাৰ পূৰ্বে ভাৰতে ২৬০ ৰান সংগ্ৰহ কৰে । এই সময়ছোৱাত অ’পেনাৰ কে এল ৰাহুলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ১৩৯ বলৰ সন্মুখীন হৈ ৰাহুলে ৮৯ ৰান সংগ্ৰহ কৰে । তেওঁ ৮টা ৪ কোবাইছিল । ৰবীন্দ্ৰ জাডেজাই অৰ্ধ শতক অৰ্জন কৰে । তেওঁ ১২৩টা বলৰ সন্মুখীন হৈ ৭৭ ৰান সংগ্ৰহ কৰে । জাডেজাৰ ইনিংছত ৭টা চাৰি আৰু ১টা ছয় আছিল । শেষত আকাশ দীপে ৩১ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে । তেওঁ ২টা চাৰি আৰু ১টা ছয় কোবাই ।
অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছত ভাৰতীয় বলাৰৰ বিধ্বংসী ৰূপ-
অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছৰ সময়ত ভাৰতীয় বলাৰসকলে মাৰাত্মক বলিং কৰে । অষ্ট্ৰেলিয়াই ৮৯ ৰানৰ স্ক’ৰত ৭টা উইকেট হেৰুৱাই । অৱশ্যে ইয়াৰ পিছতে তেওঁলোকে ইনিংছ ঘোষণা কৰে । অপৰাজিত ২০ ৰান সংগ্ৰহ কৰে এলেক্স কেৰীয়ে । কামিন্সে ২২ ৰানৰ ইনিংছ খেলে । ভাৰতৰ হৈ বুমৰাহে ৩টা উইকেট দখল কৰে। ছিৰাজ আৰু আকাশ দীপে ২টাকৈ উইকেট দখল কৰে ।