ৰাজস্থানৰ দৌচা জিলাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। জিলাখনৰ লালষ্ট আৰক্ষী থানাৰ অন্তৰ্গত লাডপুৰা গাঁৱত এখন বিবাহ অনুষ্ঠানৰ সময়ত আতচবাজীক লৈ হোৱা কাজিয়াই ইমানেই ভয়ংকৰ ৰূপ লয় যে বিবাহযাত্ৰীৰ দলটোৰ ৯ জনকৈ লোকক এখন বাহনে মহতীয়াই নিয়ে ।
জানিব পৰা মতে লাডপুৰা গাঁৱত এগৰাকী যুৱতীৰ বিয়া আছিল। বিয়াৰ বাবে বৰযাত্ৰী দলটো আদবাট পাইছিল মাত্ৰ । দৰা পক্ষই মাজবাটতে ৰৈ ফটকা ফুটাই আছিল ।সেই সময়তে কইনাৰ ভায়েকে এখন বাহনত আহি বৰযাত্ৰীৰ লোক সকলক ৰাস্তা বিচাৰিছিল ।
আৰু সেইটো কথাকে লৈ দুয়োৰে মাজত কাজিয়াৰ আৰম্ভ হয়। কাজিয়াৰ পিছত, কইনাৰ ভায়েকে কেটাৰিঙৰ কৰ্মচাৰীসকলক লগত লৈ গৈ বৰযাত্ৰীক লোক সকলক প্ৰহাৰ কৰে।ইয়াৰ পিছত কইনাৰ ভাতৃয়ে খঙত বগা ৰঙৰ হুণ্ডাই আই২০ বাহনখনেৰে মহতিয়াই নিয়ে ৯ জনকৈ লোকক।
দুৰ্ঘটনাটোৰ ফলত ১ জন লোক থিতাতে নিহত হোৱাৰ লগতে বাকি কেইজন গুৰুতৰভাৱে আহত হয়। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তাৰে দুজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।