ব্ৰিটেইন, ইটালী আৰু জাপানে মিলি বিশ্বৰ দ্বিতীয়খন মাৰাত্মক তথা ঘাতক যুদ্ধ বিমান নিৰ্মাণ কৰিব । ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰে ষষ্ঠ প্ৰজন্মৰ ষ্টীলথ্ যুঁজাৰু বিমানখনৰ নিৰ্মাণত অনুমোদন জনাইছে । এই প্ৰকল্পটোৰ নাম গ্ল’বেল কম্বেট এয়াৰক্ৰাফ্ট প্ৰগ্ৰেম (GCAP) ৰখা হৈছে । ৰাছিয়া আৰু চীনৰ পৰা ক্ৰমাৎ বৃদ্ধি পোৱা ভাবুকি প্ৰতিহত কৰিবলৈ এই যুদ্ধ বিমান নিৰ্মাণ কৰা হ’ব ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰধানমন্ত্ৰী ষ্টাৰমাৰ আৰু তেওঁৰ কেবিনেটে যোৱা সপ্তাহত জি চি এ পিক অনুমোদন জনাইছে । অহা কেইসপ্তাহমানৰ ভিতৰত এই প্ৰকল্পটো আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সম্ভাৱনা আছে । ব্ৰিটেইন আৰু ইটালীৰ টেম্পেষ্ট প্ৰজেক্ট আৰু জাপানৰ এফ-এক্স প্ৰজেক্টে একেলগে এই বিমান নিৰ্মাণৰ কাম কৰি আছে । কিন্তু পূৰ্বে প্ৰশ্ন উত্থাপন হৈছিল যে ব্ৰিটেইন ইয়াৰ সৈতে জড়িত হৈ থাকিব নে নাই, কিন্তু এতিয়া প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ অনুমোদনৰ পিছত এই আশংকাসমূহৰ অন্ত পৰিছে । এই প্ৰকল্পত যোৱা বছৰৰ ডিচেম্বৰ মাহত ইটালী, জাপান আৰু ব্ৰিটেইনে স্বাক্ষৰ কৰিছিল ।
এই প্ৰকল্প বিকশিত কৰাৰ লক্ষ্য ২০৩৫ চন-
এই প্ৰকল্পৰ বাবে কোটি কোটি টকা খৰচ হোৱাৰ সম্ভাৱনা আছে । এই যুদ্ধ বিমানখন নিৰ্মাণৰ বাবে কিমান খৰচ হ’ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই । অৱশ্যে ২০৩৫ চনৰ ভিতৰত ষ্টীলথ্ যুঁজাৰু বিমান নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । ইয়াক ব্ৰিটিছ কোম্পানী বি এ ই চিষ্টেমছ, ইঞ্জিন নিৰ্মাতা কোম্পানী ৰ’লছ ৰয়েচ, ইটালীৰ লিঅ’নাৰ্ডো এৰোস্পেচ আৰু জাপানৰ মিটছুবিচি হেভি ইণ্ডাষ্ট্ৰীজে যৌথভাৱে প্ৰস্তুত কৰিব ।
ব্ৰিটেইনত থাকিব জি চি এ পিৰ মুখ্য কাৰ্যালয়-
ত্ৰিপাক্ষিক চুক্তি অনুসৰি জি চি এ পিৰ মুখ্য কাৰ্যালয় ব্ৰিটেইনত থাকিব । ব্ৰিটেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে, ‘ব্ৰিটেইন গ্ল’বেল কম্বেট এয়াৰ প্ৰগ্ৰেমৰ গৌৰৱান্বিত সদস্য, আমাৰ অংশীদাৰ জাপান আৰু ইটালীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি, আমি ২০৩৫ চনৰ ভিতৰত পৰৱৰ্তী প্ৰজন্মৰ যুদ্ধ বিমান প্ৰদান কৰাত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিছো ।’
যদি সকলো পৰিকল্পনা অনুসৰি হয় তেন্তে এই ছুপাৰছনিক বিমানখন আমেৰিকাৰ বি-২১ ৰেইডাৰ বোমাৰু বিমানৰ পিছত বিশ্বৰ দ্বিতীয়খন ষষ্ঠ প্ৰজন্মৰ ষ্টীলথ্ বিমান হিচাপে পৰিগণিত হ’ব ।