আকৌ এবাৰ বিতৰ্কিত মন্তব্য দি ক্ষোভ প্ৰকাশ কৰিছে অনুৰাগ কাশ্যপে। ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণা প্ৰকাশ কৰি বিতৰ্কিত মন্তব্য দিছিল পৰিচালক গৰাকীয়ে।
অভিনেতা প্ৰতীক গান্ধী আৰু পত্ৰলেখাৰ ছবি ‘ফুলে’ বহুদিনৰ পৰা বিতৰ্কৰ মাজত আবদ্ধ হৈ আছে।সমাজ সংস্কাৰক দম্পতী জ্যোতিবা ফুলে আৰু সাবিত্ৰীবাই ফুলেৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হ’ল।
ছবিখনে জাতিবাদ বিয়পোৱাৰো অভিযোগ উত্থাপন কৰিছিল।ছবিখনৰ মুক্তিৰ নিষেধাজ্ঞা সন্দৰ্ভত অনুৰাগ কাশ্যপে চেন্সৰ ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশন ওৰফে চিবিএফচিৰ বিষয়ে এটা পোষ্ট লিখিছিল।

অনুৰাগ কাশ্যপে ছবিখনৰ বিতৰ্কৰ সৈতে জড়িত এটা খবৰ তেওঁৰ ইনষ্টা ষ্ট’ৰীত শ্বেয়াৰ কৰি লিখিছিল যে, ‘মোৰ জীৱনৰ প্ৰথম নাটকখন আছিল জ্যোতিবা আৰু সাবিত্ৰীবাই ফুলেৰ ওপৰত’।
‘ভাই, যদি এই দেশত জাতিবাদ নাথাকিলে হয়, তেনেহলে তেওঁৰ যুঁজ দিয়াৰ কি প্ৰয়োজন আছিল? এতিয়া এই ব্ৰাহ্মণ ৰাইজৰ লাজ লাগিছে নে তেওঁলোক মৰি গৈছে বা আন বেলেগ ব্ৰাহ্মণ ভাৰতত বাস কৰি আছে যিটো আমি দেখা পোৱা নাই, কোনোবাই অনুগ্ৰহ কৰি বুজাই দিব কোন মূৰ্খ’।
এই বিতৰ্কিত মন্তব্যৰ পিছতে অনুৰাগ কাশ্যপে ক্ষমা বিচাৰি পুনৰ এটা পোষ্ট দিছে। ইনষ্টাগ্ৰামত এটা পোষ্ট দি পৰিচালকগৰাকীয়ে লিখিছে যে, ‘ আপোনালোকে মোক যি ক’ব লগা আছে কওক, কিন্তু মোৰ পৰিয়ালটোক ৰেহাই দিয়ক’।
তেওঁ লিখিছে যে, ‘মোক ক্ষমা কৰি দিয়ক। কিন্তু মই এই ক্ষমা মোৰ পোষ্টটোৰ কাৰণে বিচৰা নাই, বৰঞ্চ মই সেই এটা শাৰীটোৰ কাৰণে হে বিচাৰিছো, যিটো ভুল ধৰণেৰে লোৱা হৈছে আৰু ঘৃণা বিয়পি পৰিল’।
‘যিকোনো কৰ্ম বা বক্তৃতা আপোনাৰ কন্যা, পৰিয়াল, বন্ধু-বান্ধৱী আৰু চিনাকি মানুহতকৈ ডাঙৰ নহয়।মোৰ কন্যালৈ ধৰ্ষণৰ ভাবুকি আহিছে। হত্যাৰ ভাবুকিও দিয়া হৈছে’।
‘নিজকে সংস্কৃতিবান বুলি কোৱা সকলে এই সকলোবোৰ কৰি আছে।গতিকে যি কোৱা হৈছে সেইখিনি ঘূৰাই ল’ব নোৱাৰি আৰু মই উভতাই নলওঁ, কিন্তু যি গালি দিব লগা আছে মোক দিয়ক’।
‘মোৰ পৰিয়ালে একো কোৱা নাই আৰু কেতিয়াও নকয়ও। গতিকে যদি আপুনি মোৰ পৰা ক্ষমা বিচাৰিছে, তেন্তে এইটো মোৰ ক্ষমাপ্ৰাৰ্থনা’।
‘ব্ৰাহ্মণ মানুহ, নাৰীক ৰেহাই দিয়ক, ইমান সংস্কৃতি শাস্ত্ৰতো আছে। আপুনি কোন ধৰণৰ ব্ৰাহ্মণ সেইটো নিৰ্ণয় কৰক। বাকীবোৰৰ বাবে মোৰ ফালৰ পৰা ক্ষমা বিচাৰিছো’।