প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ৰিঅ’ ডি জেনেইৰ’ত ব্ৰাজিল, চিলি আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতিসকলক সাক্ষাৎ কৰি প্ৰতিৰক্ষা, শক্তি, জৈৱ ইন্ধন আৰু কৃষি আদি বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ উপায়ৰ বিষয়ে আলোচনা কৰে । নাইজেৰিয়া ভ্ৰমণ সম্পূৰ্ণ কৰি দেওবাৰে ইয়াত উপস্থিত হোৱা মোদীয়ে জি-২০ সন্মিলনৰ আঁৰত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা চিলভাৰ সৈতে আলোচনাত বহে আৰু জি-২০ৰ অধ্যক্ষতাৰ সময়ত ব্ৰাজিলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে ।
ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলাৰ সৈতে আলোচনাৰ পিছত মোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত কয়, “আমি আমাৰ দেশসমূহৰ মাজত সমগ্ৰ দ্বিপাক্ষিক সম্পৰ্কৰ বুজ লৈছো আৰু শক্তি, জৈৱ ইন্ধন, প্ৰতিৰক্ষা, কৃষি আৰু অন্যান্য ক্ষেত্ৰত সহযোগিতা উন্নত কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰিছো ।”
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয় যে দুয়োগৰাকী নেতাৰ মাজত এক “উৎপাদনশীল বৈঠক” অনুষ্ঠিত হয় য’ত তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ পৰিসৰৰ পৰ্যালোচনা কৰে আৰু প্ৰতিৰক্ষা, কৃষি, জৈৱ ইন্ধন, ডিজিটেল প্ৰযুক্তি আৰু অন্যান্য ক্ষেত্ৰত সহযোগিতা আৰু অধিক বৃদ্ধি কৰিবলৈ সন্মত হয় ।
‘ভাৰতত অনুষ্ঠিত জি-২০ৰ দ্বাৰা অনুপ্ৰাণিত’-
দ্বিপাক্ষিক বৈঠকৰ শুভাৰম্ভ কৰি ৰাষ্ট্ৰপতি লুলাই প্ৰধানমন্ত্ৰী মোদীক কয় যে তেওঁ জি-২০ত যি কৰিবলৈ চেষ্টা কৰিছে সেয়া ভাৰতৰ জি-২০ৰ দ্বাৰা অনুপ্ৰাণিত, । ব্ৰাজিলে ১৯ সংখ্যক জি-২০ সন্মিলনৰ আয়োজন কৰিছে । ভাৰত ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাৰ সৈতে জি-২০ ট্ৰাইকাৰ অংশ ।