তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে মঙলবাৰে বোধ গয়াত উপস্থিত হয় । ৰাষ্ট্ৰপতিগৰাকী উপস্থিত হোৱাৰ লগে লগে তেওঁক মহাবোধি ছ’চাইটিৰ সদস্যসকলে উষ্ম আদৰণি জনায় । এই সময়ছোৱাত গয়াৰ ডি এম আৰু এছ এছ পিকে ধৰি বহু শীৰ্ষ বিষয়াই শিবিৰ পাতি থাকে । আদৰণিৰ অন্তত ৰাষ্ট্ৰপতিগৰাকীয়ে মহাবোধী মন্দিৰত উপস্থিত হৈ ভগৱান বুদ্ধৰ দৰ্শন কৰি বিশেষ প্ৰাৰ্থনা কৰে । এই সময়ছোৱাত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হয় ।
প্ৰতিটো কোণত মোতায়েন আৰক্ষী বাহিনী-
শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি দিছানায়াকেৰ আগমন সন্দৰ্ভত জিলা আৰক্ষী সষ্টম হৈ আছে । বিমানবন্দৰৰ পৰা মহাবোধী মন্দিৰলৈকে প্ৰতিটো কোণত অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হয় । আনকি তেওঁৰ আগমনৰ পূৰ্বে সাধাৰণ মানুহৰ বাবে বিমানবন্দৰৰ পৰা বোধগয়ালৈ যোৱা পথটো বন্ধ কৰি দিয়া হৈছিল ।
সাধাৰণ মানুহৰ মন্দিৰত প্ৰৱেশ নিষিদ্ধ-
এই সন্দৰ্ভত গয়াৰ ডি এম ডাঃ ত্যাগ ৰাজন এছ এমে কয় যে মঙলবাৰে পুৱা শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি দিছানায়াকেৰ আগমনৰ বাবে সাধাৰণ ভক্তসকলক পুৱা ১০:৩০ বজালৈকে মহাবোধী মন্দিৰত প্ৰৱেশ কৰাত বাধা আৰোপ কৰা হৈছে । শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ বিদায়ৰ পিছত সাধাৰণ ভক্তসকলে মন্দিৰত প্ৰৱেশ কৰিব পাৰিব । উল্লেখ্য যে, ডিচেম্বৰ মাহত বিভিন্ন দেশৰ বৌদ্ধ ভক্তই বোধগয়াত উপস্থিত হৈ ভগৱান বুদ্ধক আৰাধনা কৰে ।
তিনিদিনীয়া আনুষ্ঠানিক ভ্ৰমণ-
শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে তিনিদিনীয়া কাৰ্যসূচীৰে আনুষ্ঠানিক ভাৰত ভ্ৰমণত আছে । ছেপ্টেম্বৰ মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এয়া তেওঁৰ প্ৰথম বিদেশ ভ্ৰমণ । বোধগয়ালৈ অহাৰ পূৰ্বে তেওঁ দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বহু বিশিষ্ট নেতাক সাক্ষাৎ কৰে ।