ভাৰতীয় ক্ৰিকেট দলে আজি (১৭ অক্টোবৰ) বাংগালোৰত নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত বৃহৎ পৰিৱৰ্তন ঘটাইছে । আঘাতপ্ৰাপ্ত শুভমান গীলক দলত অন্তৰ্ভুক্ত কৰা হোৱা নাই, তাৰ পৰিৱৰ্তে, ছৰফৰাজ খানক সুযোগ দিয়া হৈছে । তদুপৰি, বাংগালোৰৰ এম চিন্নাস্বামী ষ্টেডিয়ামত স্পীন-অনুকূল পিটছৰ বাবে আকাশদীপ সিঙেও দলটোত স্থান পোৱা নাই । কুলদীপ যাদৱক তেওঁৰ ঠাইত তীতীয় স্পীনাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে । দৰাচলতে, আকাশদীপ আৰু শুভমন গিলে শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধে শৃংখলাত খেলিছিল । বাকী দলটো বাংলাদেশৰ বিৰুদ্ধে শৃংখলাত খেলা দলটোৰ দৰে প্ৰায় একে ।

খেলখনত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । বেয়া বতৰৰ বাবে খেলখনৰ প্ৰথম দিনটো ব্যাহত হৈছিল । নিউজীলেণ্ডৰ দলটোৱে কেতিয়াও ভাৰতৰ মাটিত দ্বিপাক্ষিক টেষ্ট শৃংখলা জিকিব পৰা নাই । এইবাৰ, দুয়োটা দলৰ মাজত ১৩ সংখ্যক টেষ্ট শৃংখলা খেলা হৈছে । ভাৰতীয় দলটোৰ নেতৃত্ব দিছে অধিনায়ক ৰোহিত শৰ্মাই, আনহাতে কিৱি দলটোৰ নেতৃত্ব দিছে টম লাথামে ।
বাংগালোৰ টেষ্টৰ বাবে ভাৰতীয় দলঃ ৰোহিত শৰ্মা (অধিনায়ক), যশস্বী জয়ছোৱাল, বিৰাট কোহলী, কে এল ৰাহুল, ছৰফৰাজ খান, ঋষভ পন্ত (উইকেটকীপাৰ), ৰবীন্দ্ৰ জাডেজা, ৰবিচন্দ্ৰন অশ্বিন, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ ।