ইয়াৰ ডিজাইন আৰু সৌন্দৰ্যৰ বাবে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে হাওৰা দলং বিখ্যাত । হাওৰাৰ হুগলী নদীৰ ওপৰত নিৰ্মাণ কৰা হাওৰা দলঙৰ ইতিহাস জানেনে আপুনি ? ১৯৩৬ চনত ব্ৰিটিছ চৰকাৰে হাওৰা দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও এই দলংখন ১৯৪২ চনতহে সম্পূৰ্ণ হৈছিল । অৱশ্যে তেতিয়ালৈকে ইয়াক সাধাৰণ জনতাৰ বাবে মুকলি কৰা হোৱা নাছিল । ১৯৪৩ চনৰ ৩ ফেব্ৰুৱাৰীত হাওৰা দলং সাধাৰণ ৰাইজৰ বাবে মুকলি কৰা হৈছিল । কিন্তু আপুনি জানি আচৰিত হ’ব যে হাওৰা দলং আজিলৈকে উদ্বোধন কৰা হোৱা নাই ।
টাটা ষ্টীল আৰু বি বি জে কনষ্ট্ৰাকচন কোম্পানীলৈ যায় কৃতিত্ব-
হাওৰা দলং নিৰ্মাণৰ বাবে ২৬ হাজাৰ টন তীখা ব্যৱহাৰ কৰা হৈছিল, ইয়াৰে ২৩ হাজাৰ টন টিস্কাল তীখা টাটা ষ্টীলে যোগান ধৰিছিল । ইয়াৰ নিৰ্মাণৰ কৃতিত্ব টাটা ষ্টীল আৰু বি বি জে কনষ্ট্ৰাকচন কোম্পানী লিমিটেডৰ শ্ৰমিকক দিয়া হৈছে । যদিও হাওৰা দলং নিৰ্মাণৰ কাম সহজ নাছিল, তথাপিও টাটা ষ্টীল আৰু বি বি জে কনষ্ট্ৰাকচন কোম্পানী লিমিটেডৰ শ্ৰমিকসকলে সকলো বাধাৰ মাজতো নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছিল । আপুনি জানি আচৰিত হ’ব যে সমগ্ৰ হাওৰা দলংখন হুগলী নদীৰ দুয়োপাৰতে নিৰ্মিত ২৮০ ফুট উচ্চতাৰ দুটা খুঁটাৰ ওপৰত থিয় হৈ আছে । দুই স্তম্ভৰ মাজৰ দূৰত্ব ডেৰ হাজাৰ ফুট ।
১৯৪২ চনৰ ডিচেম্বৰ মাহত কিছু দূৰৈত এটা বোমা পৰিছিল, কিন্তু…
আপুনি জানেনে যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অৰ্থাৎ ১৯৪২ চনৰ ডিচেম্বৰ মাহত হাওৰা দলঙৰ পৰা মাত্ৰ কিছু দূৰৈত এটা বোমা পৰিছিল যদিও সৌভাগ্যক্ৰমে দলংখনৰ কোনো ক্ষতি হোৱা নাছিল । উল্লেখ্য যে ভাৰত চৰকাৰে নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰ নাথ ঠাকুৰৰ নামেৰে ১৯৬৫ চনত হাওৰা দলংক ৰবীন্দ্ৰ সেতু নামেৰে নামাকৰণ কৰিছিল । আজি হাওৰা দলং বিশ্বৰ আটাইতকৈ বিখ্যাত দলঙৰ ভিতৰত গণ্য কৰা হয় । এই দলংখনৰ সৌন্দৰ্য চাবলগীয়া । হাওৰা দলং নিৰ্মাণৰ ৮০ বছৰতকৈও অধিক হ’ল যদিও আজিলৈকে ইয়াৰ সৌন্দৰ্য অক্ষত আছে ।