অষ্ট্ৰেলিয়া ভ্ৰমণত থকা ভাৰতীয় ক্ৰিকেট দলটোৱে ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ৫খনীয়া মেচৰ টেষ্ট শৃংখলাত নিজৰ আধিপত্য বজাই ৰাখিবলৈ সাজু হৈছে । এই শৃংখলাত ভাৰতে একেৰাহে তৃতীয়বাৰৰ বাবে অষ্ট্ৰেলিয়াত জয় পঞ্জীয়ন কৰাৰ ওপৰত লক্ষ্য ৰাখিছে । যোৱা কেইবছৰমানৰ পৰা অষ্ট্ৰেলিয়াত ভাৰতে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে আৰু ২০১৪ চনৰ পিছত এখনো টেষ্ট শৃংখলাত পৰাস্ত হোৱা নাই । ২০১৮-১৯ আৰু ২০২০-২১ বৰ্ষত অষ্ট্ৰেলিয়াত ভাৰতে ঐতিহাসিক জয় পঞ্জীয়ন কৰিছিল । এই ছিৰিজতো ভাৰতে একেধৰণৰ প্ৰদৰ্শন পুনৰাবৃত্তি কৰাৰ বাবে চকু ৰাখিব ।
ইফালে পাৰিবাৰিক কাৰণত দলটোৰ সৈতে অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যোৱা নাই টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা । এনে পৰিস্থিতিত তেওঁৰ প্ৰথম টেষ্ট মেচত খেলাটোক লৈ সন্দেহৰ সৃষ্টি হৈছে । ৰোহিতৰ অনুপস্থিতিত টিম ইণ্ডিয়াৰ বাবে এইটো এটা ডাঙৰ আঘাত, কিন্তু দলৰ আন খেলুৱৈসকলে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু । আনকি শেষ ভ্ৰমণতো ভাৰতৰ নিয়মীয়া অধিনায়কজন সমগ্ৰ শৃংখলাৰ সময়ত দলৰ লগত নাছিল । ২০২০-২১ বৰ্ষত পাৰিবাৰিক কাৰণত ভ্ৰমণৰ মাজভাগতে বিৰাট কোহলি ভাৰতলৈ উভতি আহিছিল ।
ছিৰিজৰ সূচী-
প্ৰথম টেষ্ট : ২২ নৱেম্বৰ, পাৰ্থ
দ্বিতীয় টেষ্চ : ৬ ডিচেম্বৰ, এডিলেইড
তৃতীয় টেষ্ট : ১৪ ডিচেম্বৰ, ব্রিছবেন
চতুৰ্থ টেষ্টঃ ২৬ ডিচেম্বৰ, মেলবৰ্ণ
পঞ্চম টেষ্ট : ৩ জানুৱাৰী, ছিডনী
এক নম্বৰত ৩ জন অধিনায়ক-
এই পৰ্যন্ত অষ্ট্ৰেলিয়াত মাত্ৰ ৬ গৰাকী ভাৰতীয় অধিনায়কেহে জয় পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে । আশ্চৰ্যজনকভাৱে সফল অধিনায়কসকলৰ ভিতৰত অন্যতম মহেন্দ্ৰ সিং ধোনীয়ে অষ্ট্ৰেলিয়াত এখনো টেষ্ট মেচত জয়ী হ’ব পৰা নাছিল । আন এটা আমোদজনক কথা হ’ল বিৰাট কোহলী, সৌৰভ গাংগুলী বা সুনীল গাভাস্কৰ নহয়, অজিংক্য ৰাহানে অষ্ট্ৰেলিয়াত ভাৰতৰ সফল অধিনায়ক । তেওঁৰ নেতৃত্বত দলটোৱে এখনো মেচতে পৰাজয়ৰ সন্মুখীন হোৱা নাই । আনকি তেওঁ দলটোক এই শৃংখলাত জয়ৰ দিশত আগুৱাই লৈ গৈছিল ।
কোন বেছি জয়ী ?
অষ্ট্ৰেলিয়াত সৰ্বাধিক জয়ী হোৱা অধিনায়কৰ ভিতৰত তিনিজন খেলুৱৈ একেলগে আছে । অজিংক্য ৰাহানে, বিৰাট কোহলী আৰু বিষেণ সিং বেদীৰ অধিনায়কত্বত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা টেষ্ট মেচত ২-২ ব্যৱধানত জয়লাভ কৰিছে টিম ইণ্ডিয়াই । সুনীল গাভাস্কাৰ, সৌৰভ গাংগুলী আৰু অনিল কুম্বলেক অধিনায়ক হিচাপে লৈ তাত ভাৰতে ১-১ ত জয়লাভ কৰিছে ।
প্ৰথম জয় কেতিয়া লাভ কৰিছিল ?
১০খন টেষ্ট মেচত পৰাস্ত হোৱাৰ পাছত অষ্ট্ৰেলিয়াৰ মাটিত প্ৰথমটো জয় লাভ কৰিছিল ভাৰতে । এইখিনি লাভ কৰিবলৈ ৩০ বছৰ সময় লাগিছিল । আচলতে ভাৰতীয় দলটোৱে তাত প্ৰথমবাৰৰ বাবে ১৯৪৭ চনত টেষ্ট মেচ খেলিছিল আৰু ১৯৭৭ চনত প্ৰথম জয় লাভ কৰিছিল । সেই সময়ত ভাৰতৰ অধিনায়ক আছিল বিষেণ সিং বেদী ।