১০খন ৰাজ্যৰ ৩১খন বিধানসভা আসনৰ বাবে অনুষ্ঠিত উপ-নিৰ্বাচনত ভোটদানৰ হাৰ ৫০ৰ পৰা ৯০ শতাংশ । সৰ্বনিম্ন ভোটদানৰ হাৰ বিহাৰত । মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ একমাত্ৰ গাম্বেগ্ৰে আসনত ভোটদানৰ হাৰ সৰ্বাধিক বুলি নিৰ্বাচন আয়োগৰ তথ্যত প্ৰকাশ । এই সমষ্টিটোত ৯০.৮৪ শতাংশ ভোটদান ৰেকৰ্ড কৰা হৈছে । ইফালে কৰ্ণাটকৰ চন্নপট্না আসনত প্ৰায় ৮৯ শতাংশ ভোট হয় ।
উল্লেখ্য যে, ১৩ নৱেম্বৰত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত ৰাজস্থানৰ ৭খন, পশ্চিমবংগৰ ৬খন, অসমৰ ৫খন, বিহাৰৰ চাৰিখন, কৰ্ণাটকৰ তিনিখন, মধ্যপ্ৰদেশৰ দুখন আসনত, ছত্তীশগড়, গুজৰাট, কেৰালা আৰু মেঘালয়ৰ এখনকৈ আসনত ভোটগ্ৰহণ অনুষ্ঠিত হয় । ২৩ নৱেম্বৰত ভোটগণনা হ’ব । ইফালে বিহাৰৰ তাৰাৰীত ৫০.২০ শতাংশ ভোটেৰে সৰ্বনিম্ন ভোটদান হয় ।
উপ-নিৰ্বাচনত মধ্যপ্ৰদেশৰ দুখন আসন বিজয়পুৰত ৭৫.০৫ শতাংশ আৰু বুধনীত ৭৭.৪২ শতাংশ ভোটদান হয় । ৰাজস্থানৰ ৭খন বিধানসভা আসনত ভোটগ্ৰহণ অনুষ্ঠিত হয়, ইয়াৰে ৭৫.২৭ শতাংশ ভোটদান ৰামগড়ত হয় । চৌৰাচীত ৬৮.৫৫ শতাংশ আৰু খিনৱানছাৰত ৭১.০৪ শতাংশ ভোট হয় । ছালুম্বাৰত ৬৭.০১ শতাংশ, দেওলী উনিয়াৰাত ৬০.৬১ শতাংশ, ঝুনঝুনুত ৬৫.৮০ শতাংশ, দোছাত ৫৫.৬৩ শতাংশ ভোটদান হয় । কৰ্ণাটকৰ উপ-নিৰ্বাচনত তিনিটা বিধানসভা সমষ্টিত প্ৰায় ৭৭ শতাংশ ভোটদান হয় । পশ্চিম বংগৰ ৬খন বিধানসভা আসনত প্ৰায় ৫৯.২৯ শতাংশ ভোটদান হয় । অসমৰ ৫খন বিধানসভা আসনত মুঠ ভোটদানৰ হাৰ ৬৪ শতাংশ ।