স্কুল অথবা বিদ্যালয় আমাৰ সকলোৰে জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ । আমি জীৱনৰ আনুষ্ঠানিক শিক্ষা বিদ্যালয়ৰ পৰাই আৰম্ভ কৰোঁ । আজি আমি যিয়েই নহও কিয়, আমাৰ বিদ্যালয় আৰু তাত আমি শিকি অহা সকলোবোৰৰ এক ডাঙৰ ভূমিকা আছে । প্ৰতিজন অভিভাৱকৰ সপোন থাকে যে, তেওঁলোকৰ সন্তানে চহৰৰ শ্ৰেষ্ঠ বিদ্যালয়ত অধ্যয়ন কৰে, য’ত সন্তানে ভাল শিক্ষাৰ লগতে সকলো ধৰণৰ সা-সুবিধা লাভ কৰিব পাৰে । এনে পৰিস্থিতিত সকলো অভিভাৱকে নিজৰ চহৰ অথবা অঞ্চলৰ আটাইতকৈ ডাঙৰ স্কুলখনৰ কথা ভাবে ।
কিন্তু আপুনি জানেনে সমগ্ৰ বিশ্বৰ ভিতৰত কোনখন বিদ্যালয় আটাইতকৈ ডাঙৰ আৰু এই বিদ্যালয়খন ক’ত অৱস্থিত ? যদি নাজানে, তেন্তে কওঁ যে বিশ্বৰ সৰ্ববৃহৎ বিদ্যালয়খন আমাৰ দেশ ভাৰতত আছে আৰু বিশ্বৰ সৰ্ববৃহৎ বিদ্যালয় হোৱাৰ বাবে ইয়াৰ নাম গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডতো লিপিবদ্ধ কৰা হৈছে ।
এই বিদ্যালয়ত ৫৫০০০ তকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে-
আমি লক্ষ্ণৌৰ চিটি মন্টেছৰী (City Montessori School, Lucknow) স্কুলৰ কথা কৈছোঁ । ই ভাৰতত অৱস্থিত সহ-শিক্ষা ইংৰাজী মাধ্যমৰ ব্যক্তিগত বিদ্যালয় । ১৯৫৯ চনত ড° ভাৰ্গৱী দেৱী আৰু ড° জগদীশ গান্ধীয়ে প্ৰতিষ্ঠা কৰিছিল এই বিদ্যায়খন । চিটি মণ্টেছৰী স্কুল হৈছে বিশ্বৰ সৰ্ববৃহৎ বিদ্যালয়, ইয়াত ৫৫,০০০ৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু ৪,৫০০ কৰ্মচাৰী আছে ।
ইয়াৰ বিশেষত্ব কি ?
চিটি মণ্টেছৰী স্কুল শিক্ষা ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, যিয়ে শিশুসকলক স্বতন্ত্ৰভাৱে শিকিবলৈ আৰু বিকাশ কৰিবলৈ উৎসাহিত কৰে । এই বিদ্যালয়খনে বিজ্ঞান, গণিত, ইংৰাজী, হিন্দী, সমাজ বিজ্ঞান আৰু কলা বিষয়ক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে । চিটি মণ্টেছৰী স্কুলত ক্ৰীড়া, সংগীত আৰু নাটককে ধৰি বিভিন্ন সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচী অনুষ্ঠিত হয় ।
গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ নাম-
চিটি মণ্টেছৰী স্কুলে শিক্ষাৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে বহু বঁটা লাভ কৰিছে । ১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা (UNESCO)ৰ পৰা শিক্ষাৰ বাবে পঞ্চম ইন্দিৰা গান্ধী বঁটা লাভ কৰে । ২০০২ চনত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা বিশ্বৰ সৰ্ববৃহৎ বিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰে এই বিদ্যালয়খনে ।
চিটি মণ্টেছৰী বিদ্যালয়ে ভাৰত আৰু বিদেশৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সৈতে এক শক্তিশালী নেটৱৰ্ক বজাই ৰাখিছে । ইয়াৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা, ব্যৱসায়, চৰকাৰ, মনোৰঞ্জনকে ধৰি বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিছে ।