২২ আৰু ২৩ এপ্ৰিলত দুদিনীয়া ভ্ৰমণসূচীৰে আটাইতকৈ ধনী মুছলমান দেশ চৌদি আৰৱ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
এই ভ্ৰমণৰ বিশেষ কাৰণ হৈছে প্ৰধানমন্ত্ৰী মোদীক এই ভ্ৰমণলৈ খোদ চৌদি আৰবৰ ক্ৰাউন প্ৰিন্স তথা প্ৰধানমন্ত্ৰী মহম্মদ বিন ছলমান এম বি এছে আমন্ত্ৰণ জনাইছে ।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৬ আৰু ২০১৯ চনতো চৌদি আৰৱ ভ্ৰমণ কৰিছিল।এইবাৰৰ এই ভ্ৰমণে দুয়োখন দেশৰ সম্পৰ্কক নতুন উচ্চতা প্ৰদান কৰিব বুলি ধৰা হৈছে।
আচলতে ২০২৩ চনত মহম্মদ বিন ছলমান ভাৰতলৈ ৰাজকীয় ভ্ৰমণলৈ আহিছিল।সেই সময়ছোৱাত তেওঁ জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিছিল আৰু ভাৰতে ছৌদি আৰৱৰ কৌশলগত অংশীদাৰিত্ব পৰিষদৰ প্ৰথমখন বৈঠকত সহ-সভাপতিত্ব কৰিছিল।
তেতিয়াৰ পৰা দুয়োখন দেশৰ মাজত সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিছে, যিটো এতিয়া এই ভ্ৰমণৰ জৰিয়তে অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে।
ভাৰত আৰু চৌদি আৰৱৰ মাজত ঐতিহাসিক, সামাজিক, সাংস্কৃতিক আৰু বাণিজ্যিক সম্পৰ্ক আছে।আজি দুয়োখন দেশে ৰাজনীতি, প্ৰতিৰক্ষা, নিৰাপত্তা, বিনিয়োগ, শক্তি, প্ৰযুক্তি, স্বাস্থ্য, শিক্ষা, সংস্কৃতি আদি বহু ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে।
এই ভ্ৰমণ এনেকোৱা সময়ত হৈছে যেতিয়া পশ্চিম এছিয়াত ইৰাণ আৰু আমেৰিকাৰ মাজত পৰোক্ষ পাৰমাণৱিক আলোচনা চলি আছে আৰু অহা মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ চৌদি আৰব ভ্ৰমণ কৰিব। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে কেৱল দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাই নহয় বৰঞ্চ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত আলোচনাৰ এক বৃহৎ মঞ্চত পৰিণত হ’ব।