শনিবাৰে নিশা ৰাজ্যত কেইবাটাও অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ডিব্ৰুগড় চহৰৰ তুলসী গাঁৱৰ ইন্দ্ৰ খাউণ্ড নামৰ ব্যক্তিজনৰ মালিকনাধীন ভাৰাঘৰত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডটো। অগ্নিকাণ্ডটোত নিমিষতে ছাৰখাৰ হৈ পৰিল ছটাকৈ ভাৰাঘৰ ।
শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ঘটনাস্থলীত অগ্নিনিৰ্বাপন বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। এই ঘটনাত দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ ঘটা বুলি জানিবলৈ দিছে স্থানীয় লোকে ।
ইফালে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বিহাপাৰাটো নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। নিমিষতে পুৰি ছাই হ’ল এটা কাপোৰৰ মিল। বৈদ্যুতিক শ্বাৰ্ট চাৰ্কিটৰ ফলত অগ্নিৰ সূত্ৰপাত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।
বিহাপাৰা গাঁৱৰ জাকিৰ হুছেইন নামৰ উদীয়মান যুৱক এজনৰ কাপোৰ প্ৰস্তুতকাৰী মিলত নিশা প্ৰায় ১২:৩০ বজাত সংঘটিত হৈছিল এই অগ্নিকাণ্ডৰ ঘটনাটো। অগ্নিকাণ্ডত প্ৰায় ২০ কোটি টকাৰ সম্পত্তি ভস্মীভূত হোৱা বুলি অনুমান কৰা হৈছে।