কৰ্ণাটক বিধানসভাত বিৰোধীৰ হুলস্থুলৰ মাজতে চৰকাৰী চুক্তিত সংখ্যালঘুৰ বাবে ৪ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা বিধেয়কখন গৃহীত হৈছে।ইয়াৰ সমান্তৰালকৈ মন্ত্ৰী-বিধায়কৰ দৰমহা সম্পৰ্কীয় বিধেয়কখনো গৃহীত হৈছে।
কৰ্ণাটক চৰকাৰী নিবিদাত মুছলমানক ৪ শতাংশ সংৰক্ষণ দিয়াৰ পথ মুকলি হৈছে।কৰ্ণাটক চৰকাৰে বিধানমণ্ডলৰ প্ৰতিনিধি আৰু মন্ত্ৰীৰ বেতন বৃদ্ধিক লৈ বিধানমণ্ডল বেতন, পেঞ্চন আৰু ভাট্টা সংশোধনী বিধেয়ক, ২০২৫ সদনত দাখিল কৰিছে।এই বিধেয়ক অনুসৰি সকলো জনপ্ৰতিনিধিৰ মাহিলী দৰমহা প্ৰায় দুগুণ বৃদ্ধি পাব।
মুখ্যমন্ত্ৰীৰ দৰমহা ৭৫ হাজাৰ টকাৰ পৰা মাহে ১.৫ লাখলৈ আৰু মন্ত্ৰীসকলৰ দৰমহা ৬০ হাজাৰৰ পৰা ১.২৫ লাখলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ।
বিধায়কসকলৰ দৰমহা ৪০ হাজাৰ টকাৰ পৰা ৮০ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ লগতে বিধানসভাৰ অধ্যক্ষ আৰু বিধান পৰিষদৰ অধ্যক্ষৰ দৰমহা ৭৫ হাজাৰ টকাৰ পৰা ১.২৫ লাখলৈ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰিছে।
এইবোৰৰ বাহিৰেও বিধান পৰিষদৰ উপ অধ্যক্ষ, বিধানসভাৰ উপ অধ্যক্ষ, বিধানসভাত বিৰোধী দলৰ নেতাৰ দৰমহা বৃদ্ধিৰ পৰিকল্পনা কৰা হৈছে।
দৰমহা বৃদ্ধিৰ সমান্তৰালকৈ এই জনপ্ৰতিনিধিসকলৰ খাদ্য, ঘৰ, ভ্ৰমণকে ধৰি সকলো ভাট্টাও বৃদ্ধি কৰা হৈছে।ইফালে বিধানসভাৰ অধ্যক্ষৰ মাহিলী দৰমহা ১.২৫লাখ টকালৈ বৃদ্ধি কৰাৰ লগতে অন্যান্য ভাট্টা লাভ কৰিব প্ৰায় ৪লাখ টকা।