মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিৱেশন । ২০ ডিচেম্বৰলৈকে চলিবলগীয়া এই অধিবেশনত পাঁচখন নতুন বিধেয়ক আৰু বিতৰ্কিত ৱাকফ বিধেয়ককে ধৰি ১০খন বিধেয়ক গৃহীত হোৱাৰ সম্ভাৱনা আছে ।
এই অধিবেশনত সৰ্বাধিক গুৰুত্ব দিয়া হ’ব ৱাকফ বিলৰ ওপৰত । ইতিমধ্যে এই সন্দৰ্ভত জে পি চিৰ বৈঠকত হুলস্থুলৰ সৃষ্টি হৈছে আৰু আজিও এই সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হ’ব । এই অধিৱেশনত সংসদত কোনবোৰ বিধেয়ক দাখিল কৰা হ’ব জানক ।
সংসদত কোনবোৰ বিধেয়ক দাখিল কৰা হ’ব ?
মোদী চৰকাৰে ৫খন নতুন বিধেয়ক তালিকাভুক্ত কৰিছে । ইয়াৰ ভিতৰত উপকূলীয় বাণিজ্যক প্ৰসাৰিত কৰাৰ উদ্দেশ্যেৰে উপকূলীয় জাহাজ বিধেয়কো অন্তৰ্ভুক্ত আছে । ইয়াৰ উপৰিও সংসদলৈ অনা হ’ব ভাৰতীয় বন্দৰ বিল, ২০২৪ । ইয়াৰ উদ্দেশ্য হৈছে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বাধ্যবাধকতা আৰু বিধিগত মানি চলাৰ লগত সংগতি ৰাখি বন্দৰসমূহ সুৰক্ষিত কৰা ।
সংসদত হ’ব পাৰে তীব্ৰ হুলস্থুল-
১৮ সংখ্যক লোকসভাৰ শীতকালীন অধিৱেশনত এক ৰাষ্ট্ৰ এক নিৰ্বাচন বিধেয়কো উত্থাপন হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ উপৰিও জম্মু-কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যদা প্ৰদানৰ প্ৰস্তাৱো গৃহীত হোৱাৰ সম্ভাৱনা আছে ।
উল্লেখ্য যে, শেহতীয়াকৈ জম্মু-কাশ্মীৰত ১০ বছৰৰ পাছত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল, যাৰ সন্দৰ্ভত বিৰোধীৰ তীক্ষ্ণ স্থিতি দেখা গৈছিল । এতিয়া ২০২৪ চনত সংসদৰ শীতকালীন অধিৱেশনত এই সন্দৰ্ভত এক বৃহৎ হুলস্থুলৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ।
ইয়াৰ পূৰ্বে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে টুইটযোগে কয় যে সংসদৰ শীতকালীন অধিৱেশন ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হব আৰু ২০২৪ চনৰ ২০ ডিচেম্বৰলৈকে চলিব ।