আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যৎ বুলি কোৱা হয় । কিন্তু দেশত তেওঁলোকৰ শিক্ষাৰ অৱস্থা চিন্তনীয় হৈ পৰিছে । সমগ্ৰ দেশতে এনে লাখ লাখ শিশু আছে, যাৰ বাবে বিদ্যালয় বহু দুৰৈৰ কথা । স্কুল বা বিদ্যালয় তেওঁলোকৰ বাবে সপোনৰ দৰে । শেহতীয়াকৈ প্ৰকাশ পাইছে যে সমগ্ৰ দেশতে ১১ লাখতকৈ অধিক শিশু বিদ্যালয়লৈ যোৱাৰ পৰা বঞ্চিত হৈ আছে ।
কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে লোকসভাক অৱগত কৰে যে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্ৰথম আঠ মাহত সমগ্ৰ দেশতে ১১.৭০ লাখৰো অধিক শিশু বিদ্যালয়লৈ যোৱা নাই । এই পৰিসংখ্যাই এক গুৰুতৰ উদ্বেগৰ কথা উল্লেখ কৰিছে, যি চৰকাৰ আৰু সমাজ উভয়ৰে বাবে প্ৰত্যাহ্বান হিচাপে আত্মপ্ৰকাশ কৰিছে ।
এই তালিকাত প্ৰথম নামটো দেশৰ ৰাজধানী দিল্লীৰ গাতে লাগি থকা উত্তৰ প্ৰদেশৰ । উত্তৰ প্ৰদেশত সৰ্বাধিক ৭.৮৪ লাখ শিশু বিদ্যালয়ৰ বাহিৰত । ইয়াৰ উপৰিও ঝাৰখণ্ড আৰু অসমৰ লাখ লাখ শিশু শিক্ষাৰ পৰা বঞ্চিত হৈ আছে । ঝাৰখণ্ডৰ ৬৫ হাজাৰৰো অধিক শিশু আৰু অসমৰ ৬৩ হাজাৰ শিশু শিক্ষাৰ মূলসুঁতিৰ বাহিৰত । এই পৰিসংখ্যাই দেখুৱাইছে যে ভাৰতত বিশেষকৈ গ্ৰাম্য আৰু পিছপৰা অঞ্চলত শিক্ষাৰ সুবিধা আৰু মানদণ্ডৰ ক্ষেত্ৰত এতিয়াও বহু কাম বাকী আছে ।
গ্ৰাম্য সাক্ষৰতাৰ হাৰৰ উন্নতিৰ আশা-
ৰাজ্য মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা দশকত গ্ৰাম্য সাক্ষৰতাৰ হাৰৰ যথেষ্ট উন্নতি হৈছে । ২০১১ চনত এই হাৰ আছিল ৬৭.৭৭ শতাংশ, যিটো ২০২৩-২৪ চনত ৭৭.৫০ শতাংশলৈ বৃদ্ধি পাইছে । বিশেষকৈ মহিলা সাক্ষৰতাৰ হাৰ উন্নত কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে । মহিলাৰ সাক্ষৰতাৰ হাৰ ৫৭.৯৩ শতাংশৰ পৰা ৭০.৪০ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে পুৰুষৰ মাজত এই হাৰ ৭৭.১৫ শতাংশৰ পৰা ৮৪.৭ শতাংশলৈ বৃদ্ধি পাইছে । ইয়াৰ পৰা বুজা যায় যে শিক্ষাৰ ক্ষেত্ৰত এক সামগ্ৰিক বিকাশ ঘটিছে । য’ত মহিলাসকলক বিশেষভাৱে সবলীকৰণ কৰা হৈছে ।
কৃত্ৰিম বুদ্ধিমত্তাৰ দিশত খোজ-
শিক্ষাৰ ক্ষেত্ৰতো প্ৰযুক্তিগত উদ্ভাৱনৰ দিশত পদক্ষেপ গ্ৰহণ কৰা হৈছে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ ২০২৪-২৫ চনৰ শৈক্ষিক অধিবেশনত নৱম আৰু দশম শ্ৰেণীত কৃত্ৰিম বুদ্ধিমত্তাৰ (এ আই) বিষয় বাছি লৈছে ৭.৯০ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে । ইয়াৰ লগতে একাদশ আৰু দ্বাদশ শ্ৰেণীত এই বিষয়ত শিক্ষা গ্ৰহণ কৰি আছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে । ই ইংগিত দিয়ে যে, দেশত কাৰিকৰী শিক্ষা আৰু উদ্ভাৱনৰ দিশতো যথেষ্ট অগ্ৰগতি হৈছে ।