উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত কুম্ভ মেলাত লাখ লাখ লোকে অংশগ্ৰহণ কৰিবলৈ আহিছে।এই ভক্তসকলৰ খাদ্য বাবে কেইবাঠাইতো লাংগৰৰ আয়োজন কৰা হৈছে।
অৱশ্যে, এই মাজতে এটা ভিডিঅ’ পোহৰলৈ আহিছে যিয়ে মানুহক দুখিত কৰিছে। সামাজিক মাধ্যমত ভাইৰেল হৈ থকা ভিডিঅ’টো
এজন আৰক্ষী বিষয়াই কুম্ভ মেলাৰ অংশগ্ৰহণকাৰী সকলৰ বাবে বনাই থকা খাদ্যত ছাই মিহলি কৰা দেখা গৈছে। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত, এতিয়া আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ঘটনাটোৰ সৈতে জড়িত আৰক্ষী বিষয়াজনক চোৰন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ব্ৰজেশ কুমাৰ তিৱাৰী বুলি চিনাক্ত কৰা হৈছে। বৃহস্পতিবাৰে, আৰক্ষী উপায়ুক্ত কুলদীপ সিং গুণাৱতে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক নিলম্বন কৰে।
সামাজিক মাধ্যমত ভাইৰেল হৈ থকা ভিডিঅ’টোত এজন আৰক্ষী বিষয়াই ষ্টোভত প্ৰস্তুত কৰি থকা খাদ্যত ছাই মিহলোৱা দেখা গৈছে।
ভিডিঅ’টো পোহৰলৈ অহাৰ লগে লগে, ঘটনাটো লজ্জাজনক বুলি গণ্য কৰা হৈছিল আৰু আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছিল।
এই ঘটনাসন্দৰ্ভত উত্তৰ প্ৰদেশ আৰক্ষীয়ে লিখিছিল, “উক্ত গোচৰটোৰ প্ৰতি গুৰুত্ব দি চোৰন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক নিলম্বন কৰিছে।”
উল্লেখনীয় যে এই ভিডিঅ’টো এছপি প্ৰধান অখিলেশ যাদৱে এক্সত শ্বেয়াৰ কৰিছে। তেওঁ লিখিছিল, “এইটো দুৰ্ভাগ্যজনক যে যিসকলে মহাকুম্ভত আৱদ্ধ লোকসকলৰ বাবে খাদ্য আৰু পানীৰ ব্যৱস্থা কৰি আছে তেওঁলোকৰ এই মহৎ প্ৰচেষ্টাক ৰাজনৈতিক বিদ্বেষৰ বাবে ক্ষুণ্ণ কৰা হৈছে।”