বিচিচিআইয়ে ২০২৪-২৫ বৰ্ষৰ বাবে কেন্দ্ৰীয় চুক্তি ঘোষণা কৰিছে।মুঠ ৩৪ গৰাকী খেলুৱৈক ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।এই চুক্তি ২০২৪ চনৰ ১ অক্টোবৰৰ পৰা ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰলৈকে আছে।
এই চুক্তিত ৩৪ গৰাকী খেলুৱৈক চাৰিটা গ্ৰেডত ভাগ কৰা হৈছে, য’ত এ+, এ বি আৰু চি গ্ৰেড আছে।ভাৰতে ২০২৫ চনৰ মাৰ্চ মাহত চেম্পিয়নছ ট্ৰফী খিতাপ দখল কৰিছিল। কেন্দ্ৰীয় চুক্তিত সেই খেলুৱৈসকলেও স্থান লাভ কৰিছে, যি চেম্পিয়নছ ট্ৰফী দলত স্কোয়াডত অন্তৰ্ভুক্ত কৰা হৈছে।
বিচিচিআইয়ে মাত্ৰ চাৰিজন খেলুৱৈক এ+ গ্ৰেডত স্থান দিছে।ইয়াৰ ভিতৰত আছে ৰোহিত শৰ্মা, বিৰাট কোহলী, ৰবীন্দ্ৰ জাদেজা আৰু যশপ্ৰীত বুমৰাহ।
ৰোহিত, কোহলী আৰু জাদেজাই টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ গ্ৰহণ কৰিছে আৰু বৰ্তমান তেওঁ কেৱল টেষ্ট আৰু এদিনীয়াতহে খেলে।গ্ৰেড-এ+ত খেলা খেলুৱৈয়ে লাভ কৰে ৭ কোটি টকা।
গ্ৰেড-এত আছে মহম্মদ চিৰাজ, কে এল ৰাহুল, শুবমান গিল, হাৰ্দিক পাণ্ডিয়া, মহম্মদ শ্বামী আৰু ঋষভ পন্ত।বিচিচিআইয়ে এই ৬ জন খেলুৱৈকহে গ্ৰেড-এত অন্তৰ্ভুক্ত কৰিছে।
বিচিচিআইয়ে গ্ৰেড-বিত পাঁচগৰাকী খেলুৱৈক সুযোগ দিছে।ইয়াৰ ভিতৰত আছে সূৰ্যকুমাৰ যাদৱ, কুলদীপ যাদৱ, অক্ষৰ পেটেল, যশস্বী জয়ছৱাল আৰু শ্ৰেয়াছ আয়েৰ।গ্ৰেড-বিত খেলা খেলুৱৈয়ে লাভ কৰে ৩ কোটিকৈ টকা।
কেন্দ্ৰীয় চুক্তিৰ গ্ৰেড-চিত অন্তৰ্ভুক্ত খেলুৱৈ সকল হৈছে- ৰিংকু সিং, তিলক ভাৰ্মা, ৰুতুৰাজ গাইকৱাদ, শিৱম ডুবে, ৰবি বিষ্ণয়, ৱাশ্বিংটন সুন্দৰ, মুকেশ কুমাৰ, সঞ্জু চেমচন, আৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, ৰজত পাটিদাৰ, ধ্ৰুৱ জুৰেল, সৰফৰাজ খান, নীতিশ কুমাৰ ৰেড্ডী, ঈশান কিষাণ, অভিষেক শৰ্মা, আকাশ দীপ, বৰুণ চক্ৰৱৰ্তী, হৰ্ষিত ৰাণা।গ্ৰেড-চিত খেলা খেলুৱৈয়ে লাভ কৰিব ১ কোটি টকা।