উত্তৰ প্ৰদেশৰ আগ্ৰাত সংঘটিত হৈছে এক বৃহৎ দুৰ্ঘটনা । আগ্ৰাৰ কগাৰৌলৰ সোণিগা গাঁৱৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় বায়ুসেনাৰ এখন বিমান । এখন পথাৰত ভূপতিত হয় বিমানখন । মাটিত পৰাৰ লগে লগে বিমানখনত জুয়ে আগুৰি ধৰে । বিমানখনত পাইলটসহ ২জন লোক আছিল । অৱশ্যে সৌভাগ্যবশতঃ দুৰ্ঘটনাটোত কোনো প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতি হোৱা নাই বুলি জানি ববৰা গৈছে ।
প্ৰতিৰক্ষা বিষয়াসকলে জনোৱা মতে, ভাৰতীয় বায়ুসেনাৰ এজন পাইলটকে ধৰি দুজন লোকে পথাৰত জপিয়াই প্ৰাণ ৰক্ষা কৰে । তেওঁ কয় যে মিগ-২৯ যুদ্ধ বিমানখনত জুই লাগে । বিমানখন পঞ্জাৱৰ আদমপুৰৰ পৰা উৰা মাৰিছিল আৰু অনুশীলনৰ বাবে আগ্ৰালৈ গৈ আছিল, তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয় । জ্বলি থকা যুঁজাৰু বিমানখনৰ কাষত মানুহৰ ভিৰ দেখা পৰিলক্ষিত হয় । দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে বুলি জনাইছে বায়ুসেনাৰ বিষয়ববীয়াই ।
উল্লেখ্য যে মিগ-২৯ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াই প্ৰথম নহয় । ২ ছেপ্টেম্বৰত ৰাজস্থানৰ বাৰ্মেৰত কাৰিকৰী বিজুতিৰ বাবে এখন মিগ-২৯ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল । দুৰ্ঘটনাৰ পূৰ্বে পাইলটজনে নিৰাপদে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হৈছিল ।